உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কিয় হত্যা কৰা হ’ল ফণীধৰ বৰাক? অঞ্চলবাসীৰ মন্তব্যই এতিয়া লগাইছে তোলপাৰ! দ্বিতীয় দিনাও উত্তাল জাজৰি

    কিয় হত্যা কৰা হ’ল ফণীধৰ বৰাক? অঞ্চলবাসীৰ মন্তব্যই এতিয়া লগাইছে তোলপাৰ! দ্বিতীয় দিনাও উত্তাল জাজৰি

    দ্বিতীয় দিনাও উত্তাল জাজৰি

    দ্বিতীয় দিনাও উত্তাল জাজৰি

    দ্বিতীয় দিনাও উত্তাল জাজৰি

    • Share this:
    আৰক্ষীৰ প্ৰহাৰত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতি লোৱা জাজৰিৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণীধৰ বৰাৰ হত্যাৰ উচিত শাস্তিৰ দাবীত শুকুৰবাৰে বন্ধ ৰখা হয় জাজৰি বজাৰ। উল্লেখযোগ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ হাতীচোং আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত বৰাই জাজৰি ব্যৱসায়ী সন্থাৰো সভাপতিৰ দায়িত্বত আছিল।

    ইতিমধ্যে নগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে অভিযুক্ত আৰক্ষীৰ জোৱান পৰেশ শৰ্মা আৰু আটাউৰ ৰহমানৰ বিৰুদ্ধে ২৪১/২০ নম্বৰত গোচৰ ৰুজু কৰি দুয়োকে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে লগতে জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় আচাৰ্জীকো আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি কৰিছে।

    কিন্তু জাজৰি তথা বৃহত্তৰ অঞ্চলৰ এগৰাকী সৰবৰহী ব্যক্তি ৰূপে পৰিচিত ফণীধৰ বৰাৰ মৃত্যুৰ ঘটনাক সহজে ল'ব পৰা নাই শোকস্তব্ধ অঞ্চলবাসীয়ে। অঞ্চলটোৰ ৰাইজৰ অভিযোগ গাঁওৰক্ষী বাহিনীৰ সম্পাদক প্ৰয়াত ফণীধৰ বৰাই জাজৰি থানাত নৱনিৰ্মিত শিৱমন্দিৰৰ নামত সংঘটিত হোৱা দুৰ্নীতি উন্মোচন কৰাৰ বাবেই এইদৰে নিমৰ্ম ভাৱে প্ৰহাৰ কৰি হত্যা কৰা হ'ল তেঁওক। আনকি জাজৰি আৰক্ষী থানাত কৰ্মৰত তৰণী গৰাকীয়েও সংবাদ মাধ্যমৰ সন্মুখত মুকলিকৈ জাজৰি আৰক্ষীৰ কু-কীৰ্তিৰ বিষয়ে বৰ্ণনা কৰে।

    ইপিনে ফণীধৰ বৰাৰ বাসগৃহত আজি পুৱাই প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, ৰকিবুল হুছেইন আৰু কংগ্ৰেছ নেত্ৰী শিৱামণি বৰা উপস্থিত হৈ শোকস্তব্ধ পৰিয়ালবৰ্গক সান্তনা দিয়াৰ লগতে ঘটনাটোৰ উচিত তদন্তৰ দাবী তোলে। দিনৰ প্ৰায় ১ বজাত ফণীধৰ বৰাৰ গৃহত আহি উপস্থিত হয় অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং। জ্যেষ্ঠ আৰক্ষী বিষয়া গৰাকীয়েও পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে ১লাখ টকাৰ এককালীন সাহাৰ্যও প্ৰদান কৰে।

    আৰক্ষী বিষয়াগৰাকীয়ে ১৫দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিবলৈ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাক নিৰ্দেশ দিয়াৰ লগতে গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত চলোৱাৰ বাবে চেষ্টা কৰাৰো প্ৰতিশ্ৰুতি দিয়ে। উল্লেখযোগ্য শেহতীয়া ভাৱে নগাঁও জিলাত বৃদ্ধি পোৱা অপৰাধ নিয়ন্ত্ৰনত ব্যৰ্থ হোৱা নগাঁও আৰক্ষীৰ দুগৰাকী জোৱানৰ এনে কাৰ্যক সকলোৱে একেমুখে ধিক্কাৰ দিছে।

    যোৱা ১৭ মাৰ্চত নগাঁও চহৰৰ ম'হখুলিত আৰক্ষী বিষয়াক মাৰ-পিট কৰি পিষ্টল কাঢ়ি নিয়া ড্ৰাগছ মাফিয়া ইমতিয়াজ আলীক আজিও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। ইয়াৰ উপৰিও বৰঘাট বাইপাছত আৰক্ষীৰ বাহনত আক্ৰমণ, বটদ্ৰৱাত আৰক্ষীক আক্ৰমণ, কৰৈয়ণীত জুই লগাই মহিলাক হত্যা কৰা, মৰিকলঙত অঘৰী ব্যক্তিক কৰা নৃশংস হত্যাত জড়িত থকা অপৰাধীক কৰায়ত্ত কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে নগাঁও আৰক্ষী।
    First published: