• Home
  • »
  • News
  • »
  • assam
  • »
  • SI জোনমণি ৰাভাক মনত আছেনে? নগাঁৱত মহিলা আৰক্ষী বিষয়াই উৎখাত কৰিলে দেহ ব্যৱসায়ীৰ ঘাটি

SI জোনমণি ৰাভাক মনত আছেনে? নগাঁৱত মহিলা আৰক্ষী বিষয়াই উৎখাত কৰিলে দেহ ব্যৱসায়ীৰ ঘাটি

জানিব পৰা মতে, নগাঁও চহৰৰ চীনাপট্টিৰ বিকি আহমেদ নামৰ এজন যুৱকে এই ভাড়াঘৰটোত চিমি নামৰ এগৰাকী মহিলাৰ সহযোগত চলাই আছিল ড্ৰাগছ আৰু দেহব্যৱসায়।

  • Share this:
আনন্দ মিশ্ৰৰ প্ৰস্থানৰ পিছতে নগাঁৱত তৎপৰ হৈ পৰিছে অপৰাধী চক্ৰ। নগাঁও চহৰৰ মাজমজিয়াত আজি সন্ধ্যা ড্ৰাগছ আৰু দেহব্যৱসায়ৰ এটা ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী। নগাঁও চহৰৰ মাজৰআটি চাৰিআলিৰ এটি ভাড়াঘৰত পৰা নগাঁও সদৰ আৰক্ষীৰ মহিলা উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ নেতৃত্বত যোৱা এটি দলে অভিযান চলাই এজন যুৱক আৰু ৪গৰাকী যুৱতী-মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, নগাঁও চহৰৰ চীনাপট্টিৰ বিকি আহমেদ নামৰ এজন যুৱকে এই ভাড়াঘৰটোত চিমি নামৰ এগৰাকী মহিলাৰ সহযোগত চলাই আছিল ড্ৰাগছ আৰু দেহব্যৱসায়।

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে অভিযান চলাই বিকি আহমেদক অসংযত অৱস্থাত এগৰাকী যুৱতীৰ সৈতে উদ্ধাৰ কৰে। আৰক্ষীয়ে ঘৰটোৰ পৰা আপত্তিজনক সামগ্ৰীৰ লগতে ড্ৰাগছৰ কেইবাটাও খালী কণ্টেইনাৰো উদ্ধাৰ কৰে।

স্থানীয় লোকৰ অভিযোগ অনুসৰি পূৰ্বে ঘৰটোলৈ প্ৰায়ে বহু অচিনাক্ত যুৱক-যুৱতী আহিছিল যদিও আনন্দ মিশ্ৰ বাহিনীৰ জালত পৰাৰ ভয়ত মাজতে কিছূদিন এনে কাৰ্যকলাপ হ্ৰাস পাইছিল। কিন্তু বিগত দুদিন ধৰি এই ঘৰটোত অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাইছিল। সেয়েহে এই সংক্ৰান্তত আজি নগাঁও আৰক্ষীক অৱগত কৰাৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই ঘাটিটো উৎখাত কৰে।

উল্লেখযোগ্য যে, আজিৰ এই অভিযানৰ নেতৃত্ব দিয়া মহিলা আৰক্ষী বিষয়া জোনমণি ৰাভাই পূৰ্বে বিজেপিৰ বিধায়কক ধমক দিয়া ৰেকৰ্ডিং সামাজিক মাধ্যমত ভাইৰেল হৈছিল। বিগত সময়ত সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা সাহসী আৰক্ষী বিষয়াগৰাকীৰ পদক্ষেপক প্ৰশংসা কৰিছে নগাঁৱৰ ৰাইজে।
Published by:Himangshu Bhuyan
First published: