• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘বিজেপি চৰকাৰে স্বেচ্ছাচাৰী শাসন চলাইছে, গণতান্ত্ৰিক শাসন ব্যৱস্থাক চৰম উপহাস কৰিছে’ – সংবাদমেলত মন্তব্য নগাঁও এনএছইউআইৰ

‘বিজেপি চৰকাৰে স্বেচ্ছাচাৰী শাসন চলাইছে, গণতান্ত্ৰিক শাসন ব্যৱস্থাক চৰম উপহাস কৰিছে’ – সংবাদমেলত মন্তব্য নগাঁও এনএছইউআইৰ

সংগঠনটোৰ সভাপতিগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিক তীব্ৰ সমালোচনা কৰি কয়,  বিজেপিয়ে দেশত স্বেচ্ছাচাৰী শাসন চলাইছে।

সংগঠনটোৰ সভাপতিগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিক তীব্ৰ সমালোচনা কৰি কয়,  বিজেপিয়ে দেশত স্বেচ্ছাচাৰী শাসন চলাইছে।

সংগঠনটোৰ সভাপতিগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিক তীব্ৰ সমালোচনা কৰি কয়,  বিজেপিয়ে দেশত স্বেচ্ছাচাৰী শাসন চলাইছে।

  • Share this:
"কেন্দ্ৰীয় চৰকাৰে লোৱা জনবিৰোধী আঁচনিৰ প্ৰতিবাদ কৰাৰ বাবেই এনএছইউআইৰ ৪গৰাকী ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকক ভুৱা গোচৰত তিহাৰ জে’ললৈ প্ৰেৰণ কৰা হৈছে। অগ্নিপথ আঁচনিৰ জৰিয়তে ভাৰতৰ যুৱ প্ৰজন্মক ভয়াৱহ নিবনুৱা সমস্যাৰ মাজলৈ ঠেলি দিব বিচৰা কাৰ্যৰ প্ৰতিবাদ এনএছইউআইয়ে কৰাৰ বাবে বিজেপিয়ে প্ৰতিশোধৰ ৰাজনীতি কৰিছে।"- নগাঁও প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি এই অভিযোগ তোলে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআইৰ নগাঁও জিলা সভাপতি পল্লৱজ্যোতি নাথে।

সংগঠনটোৰ সভাপতিগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিক তীব্ৰ সমালোচনা কৰি কয়,  বিজেপিয়ে দেশত স্বেচ্ছাচাৰী শাসন চলাইছে। চৰকাৰৰ বিৰোধ কৰিলেই নানা ভুৱা গোচৰত অভিযুক্ত কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰাৰ ব্লুপ্ৰিণ্ট ৰচিছে কেন্দ্ৰীয় চৰকাৰে। এয়া গণতন্ত্ৰৰ পৰিপন্থী। দেশৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাক চৰম উপহাস কৰিছে বিজেপিয়ে।

এনএছইউআইৰ নগাঁও জিলা সভাপতি পল্লৱজ্যোতি নাথে লগতে কয়, কেন্দ্ৰীয় চৰকাৰে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ৰক্ষা কৰি এনএছইউআইৰ কাৰাৰুদ্ধ ৰাষ্ট্ৰীয় সম্পাদক কেইগৰাকীক বিনাচৰ্তে মুক্তি দিয়ক লগতে দেশৰ বিভিন্ন প্ৰান্তত সংগঠনটোৰ কাৰ্যকৰ্তাসকলৰ বিৰুদ্ধে ৰুজু হোৱা ভুৱা গোচৰ প্ৰত্যাহাৰ কৰক।
Published by:Sanjay Kumar Das
First published: