உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নৃশংস ! ভতিজাকে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে বৰদেউতাক আৰু বৰমাকক।

    নৃশংস ! ভতিজাকে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে বৰদেউতাক আৰু বৰমাকক।

    সম্পত্তিৰ বাবেই আপোন বৰদেউতাক আৰু বৰমাকক নৃশংস ভাৱে হত্যা কৰিলে ভতিজাকে। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ননৈত।

    • Share this:
    সম্পত্তিৰ বাবেই আপোন বৰদেউতাক আৰু বৰমাকক নৃশংস ভাৱে হত্যা কৰিলে ভতিজাকে। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ননৈত।

    ননৈৰ ভাটি কুমাৰ গাঁৱত শুকুৰবাৰে নিশা সুমন্ত শইকীয়াই নিজৰ বৰমাক আৰু বৰদেউতাকক ঘৰৰ ভিতৰতে কুঠাৰৰে আক্ৰমণ কৰে। সুমন্তৰ আক্ৰমণত বৰদেউতাক নালিয়া শইকীয়া আৰু বৰমাক কণছোৱালী শইকীয়া থিতাতে নিহত হয়। দুয়োকে হত্যা কৰাৰ পিছত আসুৰিক উল্লাসত চিঞৰ-বাখৰ কৰা সুমন্তক গাঁৱৰ ৰাইজে আৰক্ষীক গতাই দিয়ে। ইতিমধ্যে আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত কুঠাৰখন জব্দ কৰিছে। হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও মাটি-সম্পত্তিৰ বাবেই সুমন্তই জঘন্য হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
    Published by:Kokil Sarma
    First published: