মুখ্যপৃষ্ঠা »খবৰ »অসম »নগাঁৱত অনা-অসমীয়া ব্যৱসায়ীৰ উদ্ভণ্ডালি ! বাউন্সাৰ আনি প্ৰহাৰ কৰিলে অসমীয়া যুৱকক ...

নগাঁৱত অনা-অসমীয়া ব্যৱসায়ীৰ উদ্ভণ্ডালি ! বাউন্সাৰ আনি প্ৰহাৰ কৰিলে অসমীয়া যুৱকক ...

নগাঁও চহৰৰ এখন গাড়ী বিক্ৰী প্ৰতিষ্ঠানত অনা অসমীয়া ব্যৱসায়ীয়ে চলোৱা চৰম উদ্ভণ্ডালিয়ে ক্ষোভিত কৰিলে সাধাৰণ ৰাইজক। বাউন্সাৰ সহ আৰক্ষীয়ে আটক কৰিলে উদণ্ড ব্যৱসায়ীক।

নগাঁও চহৰৰ এখন গাড়ী বিক্ৰী প্ৰতিষ্ঠানত অনা অসমীয়া ব্যৱসায়ীয়ে চলোৱা চৰম উদ্ভণ্ডালিয়ে ক্ষোভিত কৰিলে সাধাৰণ ৰাইজক। বাউন্সাৰ সহ আৰক্ষীয়ে আটক কৰিলে উদণ্ড ব্যৱসায়ীক।

  • Share this:
নগাঁও চহৰৰ এখন গাড়ী বিক্ৰী প্ৰতিষ্ঠানত অনা অসমীয়া ব্যৱসায়ীয়ে চলোৱা চৰম উদ্ভণ্ডালিয়ে ক্ষোভিত কৰিলে সাধাৰণ ৰাইজক। নগাঁৱৰ লাওখোৱা ৰোডৰ প্ৰিয়াংশু শৰ্মা নামৰ অনা অসমীয়া ব্যৱসায়ী গৰাকীয়ে গুৱাহাটীৰ পৰা বাউণ্সাৰ ভাড়ালৈ আনি আকাশ হুণ্ডাই নামৰ গাড়ী বিক্ৰী প্ৰতিষ্ঠানখনৰ  কৰ্মচাৰী নবীন বণিয়াক প্ৰহাৰ কৰাৰ লগতে অশ্লীল গালি-গালাজ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

জানিব পৰা মতে, ব্যৱসায়ী শৰ্মাৰ এখন গাড়ী প্ৰতিষ্ঠানখনত মেৰামতি কৰিবলৈ দিছিল। বৃহস্পতিবাৰে গাড়ী মেৰামতিক কেন্দ্ৰ কৰি শৰ্মাৰ সৈতে কৰ্মচাৰীগৰাকীৰ কথাৰ কটা-কটি হৈছিল। সেয়ে আজি বিয়লি গুৱাহাটীৰ পৰা বাউণ্সাৰ ভাড়া কৰি আনি প্ৰিয়াংশু শৰ্মাই প্ৰতিষ্ঠানখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। অৱশ্যে দুগৰাকী বাউণ্সাৰ সহ প্ৰিয়াংশু শৰ্মাক আটক কৰিছে হয়বৰগাঁও আৰক্ষীয়ে। আটক কৰা বাউণ্সাৰ দুজনৰ নাম নয়ণ আৰু সমৰ বুলি জানিব পৰা গৈছে। দুয়োৰে ঘৰ নলবাৰীত আৰু দুয়ো গুৱাহাটীৰ এখন ডিস্ক' বাৰত কৰ্মৰত হৈ আছে।

শেহতীয়া বাতৰি