ল’ক ডাউনৰ সুযোগ লৈ NHPCৰ নগাঁৱস্থিত গুদামৰ পৰা নিতৌ সৰবৰাহ হৈছে নদী বান্ধৰ সা-সৰঞ্জাম।
ল’ক ডাউনৰ সুযোগ লৈ NHPCৰ নগাঁৱস্থিত গুদামৰ পৰা নিতৌ সৰবৰাহ হৈছে নদী বান্ধৰ সা-সৰঞ্জাম।
ল’ক ডাউনৰ সুযোগ লৈ NHPCৰ নগাঁৱস্থিত গুদামৰ পৰা নিতৌ সৰবৰাহ হৈছে নদী বান্ধৰ সা-সৰঞ্জাম। গেৰুকামুখৰ বৃহৎ নদী বান্ধ নিৰ্মাণকাৰী সংস্থাটোৱে নগাঁৱৰ শেণছোৱাত স্থাপন কৰা সামগ্ৰীৰ গুদামৰ পৰা নিতৌ নিশা সৰবৰাহ কৰি আছে নদী বান্ধৰ সা-সৰঞ্জাম। এই কথা জানিব পাৰি শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সদস্য সকলে শেণছোৱাস্থিত NHPCৰ গুদাম ঘেৰাও কৰাৰ লগতে নদীবান্ধলৈ সামগ্ৰী কঢ়িওৱা এখন ট্ৰাকো আবদ্ধ কৰে।
আনহাতে প্ৰতিবাদ কৰিবলৈ অহা যুৱ-ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী তথা সাংবাদিকক দুৰ্ব্যৱহাৰ কৰে NHPCৰ গুদামৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীয়ে। নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাতৰো সৃষ্টি হয়। উল্লেখযোগ্য যে, ল’কডাউনৰ বাবে নিশা বলৱত্ কৰা সান্ধ্য আইনৰ লৈ নদী বান্ধ নিৰ্মানকাৰী সংস্থাটোৱে নগাঁৱৰ শেণছোৱাৰ পৰা নিতৌ ট্ৰাকত সৰবৰাহ কৰি আহিছে গধুৰ সা-সৰঞ্জাম। এই কথা সংবাদ মাধ্যমৰ সন্মুখত স্বীকাৰ কৰিছে NHPCৰ গুদামত নিয়োজিত একাংশ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|