உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Nagaon MVI Bribe Case : "উৎকোচ লোৱাৰ পৰা বিৰত থাকিবলৈ তেওঁক মই বহুবাৰ সকীয়াইছিলোঁ", হোমেন দাসৰ গ্ৰেপ্তাৰৰ পিছতে নগাঁও পৰিবহণ বিভাগত কঁপনি

    Nagaon MVI Bribe Case : "উৎকোচ লোৱাৰ পৰা বিৰত থাকিবলৈ তেওঁক মই বহুবাৰ সকীয়াইছিলোঁ", হোমেন দাসৰ গ্ৰেপ্তাৰৰ পিছতে নগাঁও পৰিবহণ বিভাগত কঁপনি

    Nagaon MVI Bribe Case : গাড়ীৰ যোগ্যতাৰ প্ৰমাণপত্ৰ দিয়াৰ নামত নগদ ৩৫ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাতে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra)ই হাতে-লোটে ধৰা পেলাইছিল MVI হোমেন দাসক।

    • Share this:
    "মই তেঁওক উৎকোচ লোৱাৰ পৰা বিৰত থাকিবলৈ বহুবাৰ সকীয়নি প্ৰদান কৰিছিলোঁ। কিন্তু তেঁও নামানিলে।"এই মন্তব্য নগাঁও জিলা পৰিবহণ বিষয়া উৎপল গগৈৰ। উল্লেখযোগ্য যে গাড়ীৰ যোগ্যতাৰ প্ৰমাণপত্ৰ দিয়াৰ নামত নগদ ৩৫ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাতে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra)ই হাতে-লোটে ধৰা পেলাইছিল MVI হোমেন দাসক। হোমেন দাসৰ লগতে এই দূৰ্নীতিত জড়িত পৰিবহণ বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী প্ৰণৱ মহন্ত আৰু ঠিকাভিত্তিক কম্পিউটাৰ অপাৰেটৰ বলৱন্ত কৰকো নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে উন্মোচিত হৈছে নগাঁও জিলা পৰিবহণ বিভাগত চলি থকা দূৰ্নীতিৰাজ।

    আজি নগাঁও আৰক্ষীয়ে MVI হোমেন দাসক জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰি ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰে যদিও আদালতে ৫ দিনৰ বাবেহে আৰক্ষীৰ জিম্মাত দিয়ে। ইতিমধ্যে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশ অনুসৰি পৰিবহণ বিভাগে MVI হোমেন দাস আৰু চতুৰ্থ বিভাগৰ কৰ্মচাৰী প্ৰণৱ মহন্তক নিলম্বন কৰিছে।

    ইপিনে হোমেন দাসক গ্ৰেপ্তাৰৰ পিছতে নগাঁও জিলা পৰিবহণ বিভাগত জোকাৰণিৰ সৃষ্টি হৈছে। নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ মতে হোমেন দাসক দূৰ্নীতিত সহযোগ কৰা আৰু বহু ব্যক্তিৰ বিষয়ে তদন্ত চলাই আছে নগাঁও আৰক্ষীয়ে।
    Published by:Manjumoni Borah
    First published: