உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • "মোৰ স্বামীক যাৱজীৱন কাৰাদণ্ড দিয়ক, আমি শান্তিৰে থাকিব বিচাৰো"- হত্যাকাৰী স্বামীক কঠোৰ শাস্তি দিয়াৰ দাবী পত্নীৰ

    "মোৰ স্বামীক যাৱজীৱন কাৰাদণ্ড দিয়ক, আমি শান্তিৰে থাকিব বিচাৰো"- হত্যাকাৰী স্বামীক কঠোৰ শাস্তি দিয়াৰ দাবী পত্নীৰ

    নগাঁৱত সুৰাৰ বাবেই ককায়েকে হত্যা কৰিলে নিজ ভাতৃক

    নগাঁৱত সুৰাৰ বাবেই ককায়েকে হত্যা কৰিলে নিজ ভাতৃক

    নগাঁৱত সুৰাৰ বাবেই ককায়েকে হত্যা কৰিলে নিজ ভাতৃক

    • Share this:
    "মোৰ স্বামীক যাৱজীৱন কাৰাদণ্ড দিয়ক, আমি শান্তিৰে থাকিব বিচাৰো"- সংবাদ মাধ্যমৰ সন্মুখত এইদৰে হত্যাকাৰী স্বামীক শাস্তি দিয়াৰ আহ্বান কৰিলে এগৰাকী পত্নীয়ে।

    জানিব পৰা মতে, শুকুৰবাৰে নগাঁৱৰ পশ্চিম শালমৰাৰ ৰজত কাকতি নামৰ এগৰাকী ব্যক্তিয়ে নিজ ভাতৃ কেশৱ কাকতিক চুৰিকাঘাত কৰি হত্যাৰ চেষ্টা কৰে। সংকটজনক অৱস্থাত কেশৱক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় যদিও চিকিৎসকে তেঁওক মৃত বুলি ঘোষণা কৰে। ইয়াৰ পিছতেই  ৰজত কাকতিৰ পত্নীয়ে এই ঘটনাত জড়িত স্বামীক যথোচিত শাস্তিৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে।

    উল্লেখযোগ্য যে, মৃত কেশৱ কাকতিৰ পত্নীয়েও সংবাদ মাধ্যমৰ সন্মুখত কান্দি কান্দি কয়, "কেৱল সুৰাৰ বাবেই সদায় আমাৰ ঘৰত কাজিয়া হয়। সুৰামক্ত কেশৱে মোক আৰু মোৰ দুই সন্তানক অত্যাচাৰ কৰে। ৰজত দাদায়ো বৌক খুউব অত্যাচাৰ কৰে। মই আৰু বৌয়ে কষ্ট কৰি পৰিয়াল চলাও কিন্তু মোৰ স্বামী আৰু দাদাই কেতিয়াও আমাক সহায় নকৰে।"

    আনহাতে, হত্যাকাৰী ককায়েক ৰজত কাকতিৰ পত্নীয়ে কয়, "আমি যা-জোৱালীয়ে সদায় বহু কষ্টৰে ঘৰ চলাও। কিন্তু ককায়েক-ভায়েকে কেৱল মদ খাই অশান্তি কৰে। এতিয়া আমি শান্তিৰে দিন পাৰ কৰিম। এটা মদ খাই মৰিল আৰু এটা জে'ললৈ যাব। অন্তত আমাৰ ল'ৰা-ছোৱালী কেইটাই শান্তিৰে পঢ়িব পাৰিব।"

    ইতিমধ্যে নগাঁও আৰক্ষীয়ে কেশৱ কাকতীৰ হত্যাৰ অভিযোগত ককায়েক ৰজত কাকতীক গ্ৰেপ্তাৰ কৰিছে।
    Published by:Himangshu Bhuyan
    First published: