যোৱা ১০ফেব্ৰুৱাৰীত নগাঁৱৰ বামুণীৰ পৰা সন্ধানহীন হোৱা কৃষ্ণ বৈশ্য নামৰ নৰ্থইষ্ট স্মল ফাইনেন্স নামৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীগৰাকীৰ মৃতদেহ আজি বঢ়মপুৰ বামুণীৰ তপতজুৰিত উদ্ধাৰ হৈছে।
যোৱা ১০ফেব্ৰুৱাৰীত নগাঁৱৰ বামুণীৰ পৰা সন্ধানহীন হোৱা কৃষ্ণ বৈশ্য নামৰ নৰ্থইষ্ট স্মল ফাইনেন্স নামৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীগৰাকীৰ মৃতদেহ আজি বঢ়মপুৰ বামুণীৰ তপতজুৰিত উদ্ধাৰ হৈছে।
যোৱা ১০ফেব্ৰুৱাৰীত নগাঁৱৰ বামুণীৰ পৰা সন্ধানহীন হোৱা কৃষ্ণ বৈশ্য নামৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স নামৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীগৰাকীৰ মৃতদেহ আজি বঢ়মপুৰ বামুণীৰ তপতজুৰিত উদ্ধাৰ হৈছে। প্ৰতিষ্ঠানটোৰ কঠিয়াতলিত শাখাত কৰ্মৰত কৰ্মচাৰীগৰাকী কাৰ্যালয়ৰ কাম-কাজতে ১০ ফেব্ৰুৱাৰীত কঠিয়াতলিৰ পৰা তপতজুৰিলৈ গৈছিল। কিন্তু দিনৰ ১২ বাজি ৩০মিনিটৰ পৰা তেওঁ ৰহস্যজনক ভাৱে সন্ধানহীন হৈ পৰিছিল।
১০ ফেব্ৰুৱাৰীৰ নিশা কৃষ্ণ বৈশ্যৰ পৰিয়ালে কঠিয়াতলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও কঠিয়াতলি আৰক্ষীয়ে গোচৰটোত কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল। অৱশেষত আজি দিনত বামুণীৰ তপতজুৰিতে ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় কৃষ্ণৰ মৃতদেহ।
হাজোৰ টোপ্ৰাজলীৰ পৰা নগাঁৱলৈ কামৰ সন্ধানত অহা কৃষ্ণ বৈশ্য আছিল পৰিয়ালৰ একমাত্ৰ সন্তান। আৰক্ষীৰ মতে, ধন লুটৰ উদ্দেশ্যেই হয়তো কোনো দুৰ্বৃত্তই এইদৰে নৃশংস ভাৱে হত্যা কৰিলে কৃষ্ণক। তপতজুৰিৰ জোপোহাৰ মাজত কৃষ্ণৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে নগাঁও আৰক্ষীৰ ভূমিকাক লৈ ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে।
দিন-দুপৰতে নগাঁৱত এইদৰে এগৰাকী পাহোৱাল অসমীয়া ডেকাক দুৰ্বৃত্তই অপহৰণ আৰু নৃশংস ভাৱে হত্যা কৰাৰ পিছতো নগাঁও আৰক্ষীয়ে অপৰাধীৰ কোনো উমঘাম উলিয়াব নোৱাৰা কাৰ্যই বিভাগটোৰ চৰম অকৰ্মণ্যতাক উদঙাই দেখুৱাইছে। হাজোৰ ভিতৰুৱা গ্ৰামাঞ্চলৰ পৰা পৰিয়ালক আৰ্থিক দীনতা দূৰ কৰিবৰ বাবে আহি দুৰ্ভাগ্যজনক ভাৱে মৃত্যুক সাৱটি লোৱা কৃষ্ণৰ হত্যাকাৰীক বিচাৰি উলিয়াই কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী তুলিছে নগাঁৱৰ দল-সংগঠনে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|