• Home
  • »
  • News
  • »
  • assam
  • »
  • কিয় হত্যা কৰা হ’ল ৰুবী দত্তক? হত্যাকাৰী সুব্ৰত মজুমদাৰে কি স্বীকাৰোক্তি দিলে আৰক্ষীক?

কিয় হত্যা কৰা হ’ল ৰুবী দত্তক? হত্যাকাৰী সুব্ৰত মজুমদাৰে কি স্বীকাৰোক্তি দিলে আৰক্ষীক?

ৰাজদ্বীপ দত্তৰ ব্যৱসায়িক প্ৰতিষ্ঠান ‘ৰাজ মেডিকেল’ত চেলছমেন হিচাপে কেইদিনমান আগলৈকে কাম কৰিছিল সুব্ৰত মজুমদাৰে।

ৰাজদ্বীপ দত্তৰ ব্যৱসায়িক প্ৰতিষ্ঠান ‘ৰাজ মেডিকেল’ত চেলছমেন হিচাপে কেইদিনমান আগলৈকে কাম কৰিছিল সুব্ৰত মজুমদাৰে।

ৰাজদ্বীপ দত্তৰ ব্যৱসায়িক প্ৰতিষ্ঠান ‘ৰাজ মেডিকেল’ত চেলছমেন হিচাপে কেইদিনমান আগলৈকে কাম কৰিছিল সুব্ৰত মজুমদাৰে।

  • Share this:
ব্যৱসায়ী ৰাজদ্বীপ দত্তৰ পত্নী ৰুবী দত্তৰ হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী। নগাঁও সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীয়ে অভিযান চলায় নিশাই আটক কৰিবলৈ সক্ষম হৈছে হত্যাকাৰী সুব্ৰত মজুমদাৰক। সুব্ৰত মজুমদাৰেই চুৰিৰে ডিঙি কাটি হত্যা কৰিছিল ৰাজদ্বীপৰ পত্নী ৰুবী দত্তক।

ৰাজদ্বীপ দত্তৰ ব্যৱসায়িক প্ৰতিষ্ঠান ‘ৰাজ মেডিকেল’ত চেলছমেন হিচাপে কেইদিনমান আগলৈকে কাম কৰিছিল সুব্ৰত মজুমদাৰে। হোজাই জিলাৰ লংকাৰ সুব্ৰত মজুমদাৰে দীৰ্ঘদিন ধৰি ব্যৱসায়িক প্ৰতিষ্ঠানখনত কৰ্মৰত হৈ আছিল। কিন্তু ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা ধন চুৰি কৰি ধৰা পৰাৰ পিছত সুব্ৰতক চাকৰিৰ পৰা উলিয়াই দিছিল ৰাজদ্বীপে।

এই ঘটনাৰ প্ৰতিশোধ লোৱাৰ বাবেই দেওবাৰে বিয়লি এখন চুৰি ক্ৰয় কৰিছিল সুব্ৰত মজুমদাৰে। সন্ধিয়া প্ৰায় ৭বাজি ৩০ মিনিটত নিজৰ মটৰ চাইকেলেৰে সুব্ৰত গৈ উপস্থিত হৈছিল ৰাজদ্বীপৰ বাসগৃহত। পিছে ৰাজদ্বীপক বিচাৰি নাপায় তেওঁৰ পত্নী ৰুবী দত্তকে নৃশংসভাৱে হত্যা কৰে সুব্ৰত মজুমদাৰে।

১১বছৰীয়া পুত্ৰ সন্তানৰ সন্মুখতে মাতৃক ডিঙি কাটি হত্যা কৰা ঘটনাই সমগ্ৰ নগাঁৱতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ইয়াৰ পিছতে নগাঁও সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীয়ে তৎপৰতাৰে অনুসন্ধান চলায় নিশাই সুব্ৰতক আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে সুব্ৰতৰ কোঠাৰ পৰা তেজ লাগি থকা ৰুবী দত্তৰ মোবাইল ফোনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সুব্ৰতই ৰুবীক হত্যা কৰাৰ সময়ত ৰুবীয়ে নিজ মাতৃৰ সৈতে ফোনত কথা পাতি আছিল।

উল্লেখযোগ্য যে, ৰাজদ্বীপ দত্তৰ পুৰণি ঘৰত সুব্ৰতক বিনামূলীয়াকৈ থকাৰ ব্যৱস্থা কৰি দিছিল ৰাজদ্বীপে। কিন্তু চাকৰিৰ পৰা উলিয়াই দিয়াৰ পিছত সেই ঘৰটোও খালী কৰাৰ নিৰ্দেশ দিছিল ৰাজদ্বীপে। এই সমগ্ৰ ঘটনাৰ প্ৰতিশোধ লোৱাৰ বাবেই ৰুবী দত্তক হত্যা কৰিলে বুলিও আৰক্ষীৰ সন্মুখত স্বীকাৰোক্তি প্ৰদান কৰিছে সুব্ৰত মজুমদাৰে। আনহাতে সুব্ৰত মজুমদাৰক আটক কৰাৰ পিছতে নিশা নগাঁও সদৰ থানাত স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাইজে সুব্ৰতক ফাঁচি দিয়াৰো দাবী কৰে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি