নগাঁৱতো পৌৰসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছে। পিছে এইবাৰ চহৰখনৰ ১৯নং ৱাৰ্ডৰ নিৰ্বাচনী যুঁজে সকলোকে আকৰ্ষিত কৰিছে।
নগাঁৱতো পৌৰসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছে। পিছে এইবাৰ চহৰখনৰ ১৯নং ৱাৰ্ডৰ নিৰ্বাচনী যুঁজে সকলোকে আকৰ্ষিত কৰিছে।
সমাগত পৌৰসভা নিৰ্বাচন। ৰাজ্যৰ চৌদিশে নগৰ-চহৰ উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাইছে। নগাঁৱতো পৌৰসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছে। পিছে এইবাৰ চহৰখনৰ ১৯নং ৱাৰ্ডৰ নিৰ্বাচনী যুঁজে সকলোকে আকৰ্ষিত কৰিছে।
কাৰণ ১৯নং ৱাৰ্ডত এইবাৰ বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দুগৰাকী অধিবক্তাক। মহিলাৰ বাবে সংৰক্ষিত ৱাৰ্ডটোত বিজেপিয়ে চিম্পী বৰাক প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দিপান্দিতা গোস্বামীক। বিগত সময়ছোৱাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৱাৰ্ডটোত কৰা উন্নয়নমূলক কাম-কাজৰ বাবেই এইবাৰ ৰাইজে বিপুল ভোটত বিজেপিক জয়ী কৰাব বুলি আত্মবিশ্বাসী বিজেপিৰ প্ৰাৰ্থী তথা অধিবক্তা চিম্পী বৰা।
ইপিনে জাতীয় পৰিষদৰ সমৰ্থনে কংগ্ৰেছক এক নতুন গতি দিব বুলি আশা কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে। অৱশ্যে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিলেও দুয়োৰে মাজত এতিয়াও ভাল সম্পৰ্ক আছে বুলিও সংবাদ মাধ্যমক অৱগত কৰে প্ৰাৰ্থীকেইগৰাকীয়ে। আনহাতে, পৌৰসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন থকাৰ সময়তে শাসকীয় বিজেপিয়ে চহৰখনৰ অলিয়ে-গলিয়ে ব্যাপক প্ৰচাৰ চলোৱাৰ বিপৰীতে প্ৰচাৰৰ দৌৰত বহু পিছ পৰি ৰৈছে বিৰোধী কংগ্ৰেছ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|