সাধাৰণ নাগৰিক নহয়, এইবাৰ অধিবক্তাৰ ঘৰতো চলিল প্ৰশাসনৰ বুলড'জাৰ। নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁৱত ভূমি বেদখল কৰি অট্টালিকা নিৰ্মাণ কৰা হাফিজুৰ ৰহমান নামৰ এগৰাকী অধিবক্তাৰ ঘৰ উচ্ছেদ কৰিলে নগাঁও পৌৰসভাই। বুধবাৰে বিয়লি চহৰখনৰ দক্ষিণ হয়বৰগাঁৱত পৌৰসভাই চলোৱা এই উচ্ছেদ অভিযানৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি জনৈক মজিবুৰ, জনৈক ইছাহাক আৰু বহু ভূ-মাফিয়াই পৌৰসভা তথা আৰক্ষী, জিলা প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই চহৰখনৰ বিভিন স্থানত ভূমি দখলত নামিছিল। একেদৰে বহু ব্যক্তিয়ে চহৰখনৰ বিভিন্ন স্থানত পৌৰসভাৰ নীতি-নিয়মক বিসৰ্জন দি নিৰ্মাণ কৰিছিল অট্টালিকা। পিছে এতিয়া অবৈধ নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ ইংগিত প্ৰদান কৰি নগাঁও পৌৰসভাই আৰম্ভ কৰা উচ্ছেদ অভিযানে শংকিত কৰি তুলিছে ভূ-মাফিয়া সকলক। হাফিজুৰ ৰহমানৰ দৰে জ্যেষ্ঠ অধিবক্তাৰ ঘৰতো বুলড'জাৰ চলোৱাৰ জৰিয়তে নগাঁও পৌৰসভাই অবৈধ নিৰ্মানকাৰ্য আৰু ভূ-মাফিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ বিষয়টো একপ্ৰকাৰ স্পষ্ট কৰি দিছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 12, 2023, 14:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।