• Home
  • »
  • News
  • »
  • assam
  • »
  • অপেক্ষাৰ অন্ত! বন্ধ খামত আহিল নগাঁৱৰ নতুন পৌৰপতিৰ নাম ...

অপেক্ষাৰ অন্ত! বন্ধ খামত আহিল নগাঁৱৰ নতুন পৌৰপতিৰ নাম ...

এমাহৰ প্ৰতীক্ষাৰ অন্তত দেওবাৰে  ঐতিহ্যমণ্ডিত নগাঁও পৌৰসভাৰ পৌৰপতি আৰু উপপৌৰপতি নিৰ্বাচিত কৰা হয় ৷দেওবাৰে ৰাজ্যিক বিজেপিৰ সিদ্ধান্ত অনুসৰি নগাঁও পৌৰসভাৰ পৌৰপতি হিচাপে অম্বিকা মজুমদাৰ আৰু উপ পৌৰপতি হিচাপে  সীমান্ত বৰাক নিৰ্বাচন কৰা হয়৷

  • Share this:
এমাহৰ প্ৰতীক্ষাৰ অন্তত দেওবাৰে  ঐতিহ্যমণ্ডিত নগাঁও পৌৰসভাৰ পৌৰপতি আৰু উপপৌৰপতি নিৰ্বাচিত কৰা হয়  ৷দেওবাৰে বিজেপিৰ নগাঁও জিলা সমিতি কাৰ্যালয়ত নগাঁও জিলা বিজেপিৰ  সভাপতি অভিজিৎ নাথ আৰু জিলা প্ৰভাৰী শান্তনু পূজাৰীৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ সিদ্ধান্ত অনুসৰি নগাঁও পৌৰসভাৰ পৌৰপতি হিচাপে অম্বিকা মজুমদাৰ আৰু উপ পৌৰপতি হিচাপে  সীমান্ত বৰাক নিৰ্বাচন কৰা হয়৷

উল্লেখ্য যে সদ্য সমাপ্ত পৌৰসভা নিৰ্বাচনত ২৬ টা ৱাৰ্ডৰে গঠিত নগাঁও পৌৰসভাত বিজেপি আৰু অগপৰ  মিত্রজোঁটে ২৫ টা ৱাৰ্ড  দখল কৰে  ৷ ইয়াৰে ২২ টা ৱাৰ্ড বিজেপি দলে দখল কৰাৰ লগতে  অগপই তিনিটা ৱাৰ্ড দখল কৰে ৷ মাত্ৰ এটা মহলাতহে কংগ্ৰেছে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে বিজেপি দলৰ  দলীয় সিদ্ধান্ত অনুসৰি ২৬ নং ৱাৰ্ডত বিজয় সাব্যস্ত কৰা   অম্বিকা মজুমদাৰক পৌৰপতি আৰু ৮ নং ৱাৰ্ডত বিজয় সাব্যস্ত কৰা সীমান্ত বৰাক উপপৌৰপতি নিৰ্বাচিত কৰা হয় ৷ আজি নগাঁও পৌৰসভাৰ পৌৰপতি, উপপৌৰপতিৰ লগতে  মহলা আয়ুক্ত সকলৰ শপত গ্ৰহণ আৰু পৌৰসভা গঠন হব ৷ নিৰ্বাচিত উপ পৌৰপতি সীমান্ত বৰাই নগাঁও বাসীৰ সহায় সহযোগ আৰু আৰ্শীবাদ কামনা কৰিছে ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি