
হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি প্ৰদ্যুৎ বৰদলৈয়ে ক’লে মন্ত্ৰীয়ে মিছা মাতিছে।
হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি প্ৰদ্যুৎ বৰদলৈয়ে ক’লে মন্ত্ৰীয়ে মিছা মাতিছে।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা তথা জাতীয় সংগঠন আৰু শিল্পী সমাজে কৰা শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদক কলুষিত কৰাৰ অন্তৰালত যুৱ কংগ্ৰেছীক প্ৰত্যক্ষভাৱে দোষাৰোপ কৰিছে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই সংবাদমেলৰ পিছতেই নগাঁও আৱৰ্ত ভৱনত সংবাদমেল অনুস্থিত কৰি মন্ত্ৰী গৰাকীৰ সমালোচনাত মুখৰ হ'ল নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু দিছপুৰ সচিবালয়ত হোৱা হিংসাত্মক কাৰ্যকলাপত যুৱ কংগ্ৰেছৰ নেতা কামৰুল হক চৌধুৰী আৰু জুৱেল আহমেদ জৰিত থকাৰ অভিযোগক নস্যাৎ কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। কামৰুল-জুৱেলৰ বয়সত হিমন্তই পিস্তল লৈছিল বুলিও কটাক্ষ কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে। হিংসাত্মক কাৰ্যত কংগ্ৰেছী জৰিতৰ অভিযোগ মিছা বুলি মন্তব্য কৰি সাংসদ গৰাকীয়ে কয় যে বৰ্তমান সমগ্ৰ ৰাজ্যতে কংগ্ৰেছীৰ ওপৰত অত্যাচাৰ চলিছে। হিমন্ত বিশ্বক ঘৰ বিভীষণ বুলি মন্তব্য কৰি বৰদলৈয়ে কয় গুৱাহাটী মেডিকেল কলেজত বহু খিলঞ্জীয়া লোক আৰক্ষীৰ নিৰ্যাতনৰ বলি হৈ চিকিৎসাধীন হৈ আছে।
ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক সংবাদমেলঃ
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|