মুখ্যপৃষ্ঠা »খবৰ »অসম »Rupak Sharma : ক্ৰিকেটাৰৰ ৰূপত এগৰাকী বিধায়ক! হাতত বেট লৈ কোবালে ইটোৰ পিছত সিটো ছিক্সাৰ

Rupak Sharma : ক্ৰিকেটাৰৰ ৰূপত এগৰাকী বিধায়ক! হাতত বেট লৈ কোবালে ইটোৰ পিছত সিটো ছিক্সাৰ

জুবিন গাৰ্গৰ লগতো বাদ্য সংগত কৰা বিধায়কগৰাকীক পিছে বেটছমেনৰ ৰূপত বহুদিন দেখা নাই নগঞাই।

জুবিন গাৰ্গৰ লগতো বাদ্য সংগত কৰা বিধায়কগৰাকীক পিছে বেটছমেনৰ ৰূপত বহুদিন দেখা নাই নগঞাই।

জুবিন গাৰ্গৰ লগতো বাদ্য সংগত কৰা বিধায়কগৰাকীক পিছে বেটছমেনৰ ৰূপত বহুদিন দেখা নাই নগঞাই।

  • Share this:
দৌল উৎসৱৰ পুৱাই হাতত ক্ৰিকেট বেট লৈ নগাঁৱৰ নেহৰুবালিত এজাক চেমনীয়াৰ সৈতে ক্ৰিকেট খেলিলে বিধায়ক ৰূপক শৰ্মাই (Rupak Sharma)। মাৰিলে ইটোৰ পিছত সিটো ছিক্সাৰ। বিধায়কৰ খেল চাবলৈ পুৱাই নেহেৰুবালিত সমাগম ঘটিল বহু লোকৰ।

দৰাচলতে এগৰাকী ভাল শিল্পীৰ লগতে এসময়ত নগাঁৱৰ সুদক্ষ বেটছমেন হিচাপেও পৰিচিত বিধায়ক ৰূপক শৰ্মা। বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতো সুযোগ পালেই বিভিন্ন অনুষ্ঠানত বাদ্য সংগত কৰি নিজৰ শিল্পীসুলভ মনৰ পৰিচয় দিছে বিধায়ক ৰূপক শৰ্মাই।

জুবিন গাৰ্গৰ লগতো বাদ্য সংগত কৰা বিধায়কগৰাকীক পিছে বেটছমেনৰ ৰূপত বহুদিন দেখা নাই নগঞাই। সেয়েহে মঙলবাৰে পুৱাই নেহৰুবালিত প্ৰাতঃভ্ৰমণ কৰিবলৈ আহি বহু সময় বেটিং কৰা ৰূপক শৰ্মাক দেখি পুৰণি স্মৃতি ৰোমন্থন কৰিলে তেওঁৰ বহু লগৰীয়াই। উল্লেখযোগ্য যে, বৰ্তমানেও নগাঁও ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰি আছে বিধায়কগৰাকীয়ে।

শেহতীয়া বাতৰি