• Home
  • »
  • News
  • »
  • assam
  • »
  • এসময়ত জুবিনৰ সৈতে বজাইছিল ড্ৰাম, নগাঁৱৰ দুৰ্গা পূজাত বিধায়ক ৰূপক শৰ্মাৰ ঢাকৰ শব্দত নাচি উঠিল বহুজন

এসময়ত জুবিনৰ সৈতে বজাইছিল ড্ৰাম, নগাঁৱৰ দুৰ্গা পূজাত বিধায়ক ৰূপক শৰ্মাৰ ঢাকৰ শব্দত নাচি উঠিল বহুজন

একেদৰে নগাঁৱৰ লাচিত নগৰত আয়োজিত দুৰ্গা পূজাত ৰাইজৰ অনুৰোধত ভক্তিমূলক গীত পৰিৱেশন কৰিলে বিধায়ক ৰূপক শৰ্মাৰ পত্নী নৱনীতা শৰ্মাই।

  • Share this:
ৰাজনীতিলৈ অহাৰ পূৰ্বে এগৰাকী সুন্দৰ বাদ্যযন্ত্ৰী হিচাপে অসমৰ সংগীত জগতত খ্যাতি লাভ কৰা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক পুনৰ দেখা গ'ল ব্যতিক্ৰমী ৰূপত। যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ'ব জুবিন গাৰ্গৰ সৈতে ড্ৰাম বজোৱা, শিল্পী কৃষ্ণমণি নাথৰ সৈতে ঢোল বজোৱা বিধায়ক ৰূপক শৰ্মাই এইবাৰ দূৰ্গোৎসৱত ঢাক বজাই আকৰ্ষিত কৰিলে সকলোকে।

নগাঁৱৰ চকীটুপ সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন সমিতিয়ে আয়োজন কৰা দুৰ্গা পূজাৰ মহানৱমীৰ নিশা বিধায়ক ৰূপক শৰ্মাই ঢাক বজাই আনন্দিত কৰিলে সকলোকে। বিধায়কগৰাকীৰ ঢাকৰ শব্দত প্ৰাণভৰি নাচিলে সমবেত বহু লোকে।

একেদৰে নগাঁৱৰ লাচিত নগৰত আয়োজিত দুৰ্গা পূজাত ৰাইজৰ অনুৰোধত ভক্তিমূলক গীত পৰিৱেশন কৰিলে বিধায়ক ৰূপক শৰ্মাৰ পত্নী নৱনীতা শৰ্মাই। উল্লেখযোগ্য যে, বিধায়ক ৰূপক শৰ্মাৰ পত্নী নৱনীতা শৰ্মায়ো পূৰ্বে এগৰাকী ভাল অনাতাঁৰ শিল্পীৰূপে পৰিচিত।
Published by:Sanjay Kumar Das
First published: