নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ সিদ্ধান্ত ল'লে বৰ্তমানৰ চৰকাৰে। নগাঁৱৰ ৰাইজৰ তৰফৰ পৰা আমি বিধায়ক হিচাপে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো।- নগাঁৱত আজি এই মন্তব্য কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
"নিৰ্বাচনৰ পূৰ্বে নগাঁও মহাবিদ্যালয়ৰ জনজাতীয় ছাত্ৰীৱাসৰ শিলন্যাস কৰিবলৈ আহি ড° হিমন্ত বিশ্ব শৰ্মাই কৈছিল শীঘ্ৰেই নগাঁও মহাবিদ্যালয়লৈ ভাল খবৰ আহিব। প্ৰত্যাশিত ভাৱেই তেখেতে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতেই অৱশেষত সেই ভাল খবৰটো আহিল। নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ সিদ্ধান্ত ল'লে বৰ্তমানৰ চৰকাৰে। নগাঁৱৰ ৰাইজৰ তৰফৰ পৰা আমি বিধায়ক হিচাপে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। মহাবিদ্যালয় খনৰ এই উত্তৰণত এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে গৌৰৱবোধ কৰিছো।- নগাঁৱত আজি এই মন্তব্য কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। উল্লেখযোগ্য যে, বিগত কাৰ্যকালত বিধায়ক ৰূপক শৰ্মাই নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ বাবে বহুবাৰ চৰকাৰক অনুৰোধ জনাইছিল। বিধায়ক গৰাকীয়ে লগতে প্ৰস্তাৱিত বিশ্ববিদ্যালয়খনৰ বাবে চৰকাৰে ১০০বিঘা মাটি বিচৰাৰ কথাও সংবাদ মাধ্যমক অৱগত কৰে।
আনহাতে, নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়েও মুখ্যমন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰি কয়, "এতিয়া আমাৰ দায়িত্ব বাঢ়িল। আমি পূৰ্বতকৈয়ো আগুৱাই যাব লাগিব। আমাৰ মহাবিদ্যালয়খনৰ মাণদণ্ড অটুট ৰাখিব লাগিব।"
উল্লেখযোগ্য যে, ১৯৪৪চনতে স্থাপিত হোৱা নগাঁও মহাবিদ্যালয়ে শিক্ষাৰ ক্ষেত্ৰখনত প্ৰতিবছৰেই সুনাম অৰ্জন কৰি নগাঁও বাসীক গৌৰৱান্নিত কৰি আহিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|