মুখ্যপৃষ্ঠা »খবৰ »অসম »আজমলক গ্ৰেপ্তাৰ কৰি জেললৈ পঠাব লাগে: ৰূপক শৰ্মা, সত্ৰৰ ভূমিৰ লগতে অসমীয়াৰ কৃষ্টি-সংস্কৃতি ৰক্ষাৰ বাবে বৰ্তমানৰ চৰকাৰে আন্তৰিকতাৰে কাম কৰিছে বুলিও ক'লে বিধায়কগৰাকীয়ে ...

আজমলক গ্ৰেপ্তাৰ কৰি জেললৈ পঠাব লাগে: ৰূপক শৰ্মা, সত্ৰৰ ভূমিৰ লগতে অসমীয়াৰ কৃষ্টি-সংস্কৃতি ৰক্ষাৰ বাবে বৰ্তমানৰ চৰকাৰে আন্তৰিকতাৰে কাম কৰিছে বুলিও ক'লে বিধায়কগৰাকীয়ে ...

বদৰুদ্দিন আজমলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিবৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনায় বিধায়ক ৰূপক শৰ্মাই। বিধায়কগৰাকীয়ে কয়, আজমলৰ আচৰণত এতিয়া মুছলমানো লজ্জিত। 

  • Share this:
বেদখলৰ গ্ৰাসত পৰি ক্ৰমাৎ অস্তিত্বহীন হ'বলৈ ধৰা অসমৰ সকলো সত্ৰৰ ভূমি পুনৰোদ্ধাৰ কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে। নগাঁৱত আজি সংবাদমাধ্যৰ সন্মুখত সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে বৰ্তমানৰ চৰকাৰে দ্ৰুতগতিত কাম কৰাৰ কথা জনায় নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। বিধায়ক গৰাকীয়ে লগতে কয়, আলোচনাৰ মাধ্যমৰেও বহু সত্ৰৰ ভূমি পুনৰোদ্ধাৰ কৰাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ভয়াবহ বেদখলৰ গ্ৰাসত পৰা নগাঁৱৰ কোবাইকটা সত্ৰ সন্দৰ্ভতো চৰকাৰে প্ৰয়োজনীয় সকলো পদক্ষেপ ল'ব বুলিও বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে অসমৰ সভ্যতা-সংস্কৃতি ৰক্ষাৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যথেষ্ট তৎপৰতাৰে কাম কৰি গৈছে বুলিও বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমক জনায়।

আনহাতে, শেহতীয়াকৈ অশালীন মন্তব্যৰ অভিযোগ উত্থাপন হোৱা  বদৰুদ্দিন আজমলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিবৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনায় বিধায়ক ৰূপক শৰ্মাই। বিধায়কগৰাকীয়ে কয়, আজমলৰ আচৰণত এতিয়া মুছলমানো লজ্জিত।

শেহতীয়া বাতৰি