নগাঁও জিলাৰ গুৰুত্বপূৰ্ণ নথি পত্ৰসমূহ সংৰক্ষণৰ উদ্দেশ্যে চহৰখনৰ মাজমজিয়াত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত স্থাপন কৰা হৈছিল "নগাঁও মহাফেজখানা আৰু গৱেষণা কেন্দ্ৰ"।২০০৯ চনতে দ্বাৰ উন্মোচন হোৱা নগাঁও মহাফেজখানা আৰু গৱেষণা কেন্দ্ৰটি বিশেষ কাৰণবশতঃ বৰ্তমান পৰ্যন্ত কাৰ্যক্ষম হৈ নুঠিল।
আজি নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আৰু অতিৰিক্ত উপায়ুক্ত (ৰাজহ) শান্তনা বৰাৰ সৈতে নগাঁও মহাফেজখানাত উপস্থিত হয়গৈ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। বিধায়কগৰাকীয়ে জিলা উপায়ুক্তৰ সৈতে মহাফেজখানাৰ সামগ্ৰিক পৰিবেশ পৰ্যবেক্ষণ কৰে। সকলো ধৰণৰ যাৱতীয় সুবিধা থকা মহাফেজখানাৰ ভিতৰচ'ৰা পৰিদৰ্শন কৰি অতি কম দিনৰ ভিতৰত মহাফেজখানা আৰু গৱেষণা কেন্দ্ৰটি কাৰ্যক্ষম কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি বিধায়কগৰাকীয়ে ঘোষণা কৰে।
উল্লেখ্য যে, জিলাখনৰ ন-পুৰণি সকলো ধৰণৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ সংৰক্ষণৰ ব্যৱস্থা থকা মহাফেজখানাটি কিয় ইমানদিনে কাৰ্যক্ষম উঠা নাছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ইপিনে বিধায়ক ৰূপক শৰ্মাই আজি মহাফেজখানাটি পৰ্যবেক্ষণ কৰি শীঘ্ৰেই মহাফেজখানাটি কাৰ্যক্ষম হৈ উঠিব বুলি মন্তব্য কৰি লগতে কয় যে গৱেষণা কেন্দ্ৰটোত সকলো ধৰণৰ পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰি গৱেষণাৰ উপযুক্ত কৰি তোলাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হব ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|