সাংবাদিকসকলে নিজৰ জীৱনকো তুচ্ছ কৰি সমাজ জীৱনৰ বাবে সেৱা আগবঢ়াইছে। ক'ভিদৰ সময়ত সমাজৰ বাবে তেঁওলোকে আগবঢ়োৱা সেৱা সকলোৱে মনত ৰাখিব- এই মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ।
আজি নগাঁও প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত নগাঁৱৰ সাংবাদিক সকলৰ বাবে ১লাখ ৬৫হাজাৰ টকা মূল্যৰ অক্সিজেন কনচেনট্ৰেটৰ মেচিন সাংবাদিকসকলৰ হাতত অৰ্পন কৰে। বিধায়ক গৰাকীয়ে লগতে কয়, "এতিয়াৰে পৰা নগাঁৱৰ সাংবাদিক সকলে এই মেচিন নিজৰ লগতে নিজৰ পৰিয়ালৰ বাবেও ব্যৱহাৰ কৰিব পাৰিব।"
উল্লেখযোগ্য যে, আজিৰ এই অনুষ্ঠানতে বিধায়কগৰাকীয়ে সাংবাদিক সকলৰ মাজত মাস্ক আৰু চেনিটাইজৰো বিতৰণ কৰে। আজিৰ এই অনুষ্ঠানত নগাঁৱৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক সকলে অংশগ্ৰহণ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|