• Home
  • »
  • News
  • »
  • assam
  • »
  • Sherman Ali Arrest : শ্বেৰমান আলীৰ গ্ৰেপ্তাৰক আদৰণি বিধায়ক ৰূপক শৰ্মাৰ, দীঘলীয়া শাস্তিৰ পোষকতা বিধায়ক শৰ্মাৰ

Sherman Ali Arrest : শ্বেৰমান আলীৰ গ্ৰেপ্তাৰক আদৰণি বিধায়ক ৰূপক শৰ্মাৰ, দীঘলীয়া শাস্তিৰ পোষকতা বিধায়ক শৰ্মাৰ

নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা

নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা

শ্বেৰমান আলীৰ দৰে লোকৰ বাবেই সমাজত অশুভ শক্তিয়ে গা কৰি উঠিছে বেবেজীয়াত পঞ্চায়ত কাৰ্যালয় ভৱনৰ দ্বাৰ উন্মোচন কৰি বিধায়ক ৰূপক শৰ্মাৰ মন্তব্য।

  • Share this:
অসম আন্দোলনৰ শ্বহীদ সন্দৰ্ভত চৰম অপমানজনক মন্তব্য কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বিধায়ক শ্বেৰমান আলী (Sherman Ali)ৰ গ্ৰেপ্তাৰক আদৰণি জনাইছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা (MLA Rupak Sarma)ই। বিধায়ক ৰূপক শৰ্মাই শ্বেৰমান আলীৰ গ্ৰেপ্তাৰ  সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কয়, "অসম আন্দোলনৰ শ্বহীদক ঘাতক বুলি কোৱাটো চৰম অপমানৰ কথা। শ্বহীদৰ অপমান সহ্য কৰিব নোৱাৰি ।"

বিধায়কগৰাকীয়ে পুনৰ কয়, "শ্বেৰমান আলীয়ে যিকনো সময়তে  সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে। সাম্প্ৰদায়িক আৰু বিতৰ্কিত মন্তব্যৰে সস্তীয়া জনপ্ৰিয়তাৰ আশা কৰা শ্বেৰমান আলীৰ দৰে লোকৰ বাবেই সমাজত অশুভ শক্তিয়ে গা কৰি উঠিছে । সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাই এনেবোৰ লোকৰ লক্ষ্য। আন যিসকল লোকে এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰি আহিছে তেওঁলোকৰ  ক্ষেত্ৰটো  পদক্ষেপ লোৱা উচিত ৷" এনে দোষীৰ বিৰুদ্ধে দীঘলীয়া শাস্তি হব লাগে  বুলিও বিধায়ক গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।

আনহাতে বিধায়ক শ্বেৰমান আলী গ্ৰেপ্তাৰ হোৱাত বিধায়ক শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু অসম আৰক্ষীক (Assam Police) ধন্যবাদ জ্ঞাপন কৰে । আজি নগাঁও জিলাৰ সদৰ সমষ্টিৰ অন্তৰ্গত বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ নৱ নিৰ্মিত পঞ্চায়ত ভৱনটিৰ দ্বাৰ  উন্মোচন কৰা অনুষ্ঠানটিত উপস্থিত থাকি সাংবাদিকৰ আগত এই মন্তব্য কৰিলে বিধায়ক ৰূপক শৰ্মাই ৷
Published by:Manjumoni Borah
First published: