মুখ্যপৃষ্ঠা »খবৰ »অসম »বঢ়মপুৰ এইবাৰ প্ৰফুল্ল মহন্তৰ পৰা কাঢ়ি ল’ব বিজেপিয়ে! ৰাজেন গোহাঁইৰ লগতে কেইবাজনো টিকট প্ৰত্যাশীয়ে চলাইছে কুছকাৱাজ

বঢ়মপুৰ এইবাৰ প্ৰফুল্ল মহন্তৰ পৰা কাঢ়ি ল’ব বিজেপিয়ে! ৰাজেন গোহাঁইৰ লগতে কেইবাজনো টিকট প্ৰত্যাশীয়ে চলাইছে কুছকাৱাজ

‘বঢ়মপুৰৰ ৰাইজে প্ৰফুল্ল মহন্তক বিচাৰি নাপাই। সেয়েহে চুবুৰীয়া সমষ্টি হিচাপে মহন্তক নাপাই বঢ়মপুৰৰ ৰাইজে প্ৰতিদিনেই মোৰ ওচৰলৈ অভিযোগ লৈ আহে।’- ৰূপক শৰ্মা

‘বঢ়মপুৰৰ ৰাইজে প্ৰফুল্ল মহন্তক বিচাৰি নাপাই। সেয়েহে চুবুৰীয়া সমষ্টি হিচাপে মহন্তক নাপাই বঢ়মপুৰৰ ৰাইজে প্ৰতিদিনেই মোৰ ওচৰলৈ অভিযোগ লৈ আহে।’- ৰূপক শৰ্মা

‘বঢ়মপুৰৰ ৰাইজে প্ৰফুল্ল মহন্তক বিচাৰি নাপাই। সেয়েহে চুবুৰীয়া সমষ্টি হিচাপে মহন্তক নাপাই বঢ়মপুৰৰ ৰাইজে প্ৰতিদিনেই মোৰ ওচৰলৈ অভিযোগ লৈ আহে।’- ৰূপক শৰ্মা

  • Share this:
"বঢ়মপুৰৰ ৰাইজে প্ৰফুল্ল মহন্তক বিচাৰি নাপাই। সেয়েহে চুবুৰীয়া সমষ্টি হিচাপে মহন্তক নাপাই বঢ়মপুৰৰ ৰাইজে প্ৰতিদিনেই মোৰ ওচৰলৈ অভিযোগ লৈ আহে। ৰাইজক গুৰুত্ব নিদিয়াৰ বাবেই মহন্তক বঢ়মপুৰৰ ৰাইজে নিবিচৰা হৈছে। এতিয়া বঢ়মপুৰৰ ৰাইজে বিজেপিকহে বিচাৰে। সেয়েহে অনাগত নিৰ্বাচনত বঢ়মপুৰ আমাৰ হাতত ৰাখিবলৈ দলীয় নেতৃত্বক অনুৰোধ জনাম।’- নগাঁৱত আজি এই মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই।

তিৱা নিৰ্বাচনত নগাঁও জিলাৰ ১০টা সমষ্টিয়ে বিজেপিয়ে দখল কৰাৰ পিছত ৰূপক শৰ্মাই কয় "ৰাইজে এতিয়া উন্নয়ণ বিচাৰে। উন্নয়ণৰ বাবেই ৰাইজে বিজেপিক আদৰি লৈছে।"

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই দীৰ্ঘদিনে প্ৰতিনিধিত্ব কৰি থকা বঢ়মপুৰৰ দুয়োটা তিৱা স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি বিজেপিয়ে দখল কৰা সন্দৰ্ভত বিধায়ক ৰূপক শৰ্মাই কয়, ‘মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই মহন্তই। ২০১৬ত মাত্ৰ কেইটামান ভোটৰ ব্যৱধানত মহন্ত জিকিছিল আৰু সেয়া বিজেপিৰ সহায়ৰ বাবেহে সম্ভৱ হৈছিল। কিন্তু মহন্তই সদায় বিজেপিৰ বিৰুদ্ধাচাৰণ কৰি আহিছে। পিছে মহন্তৰ বিৰুদ্ধাচৰণৰ পিছতো তিৱা নিৰ্বাচনত আমি সফল হ'লো। পঞ্চায়ত নিৰ্বাচনতো বিনা মিত্ৰতাই বঢ়মপুৰৰ অধিকাংশ আসনেই আমি দখল কৰিছিলো। লোকসভা নিৰ্বাচনত মহন্তই ভোটবৰ্জন কৰাৰ পিছতো বঢ়মপুৰৰ ৰাইজে আমাক ৩৫ হাজাৰ ভোটৰ অগ্ৰগতি প্ৰদান কৰিছিল। সেয়ে এইবাৰ আৰু বঢ়মপুৰ মহন্তক এৰি দিয়াৰ বাবে দলীয় কৰ্মী কোনোপধ্যে ৰাজী নহয়।’

উল্লেখযোগ্য যে, ইতিমধ্যে বঢ়মপুৰত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে প্ৰাক্তন ৰে’লৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইয়ে। শেহতীয়া ভাৱে ৰাজেন গোঁহাই আৰু ৰূপক শৰ্মাৰ সংঘাত হ্ৰাস পোৱাৰ পিছতে  ৰূপক শৰ্মাই বঢ়মপুৰত ৰাজেন গোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে সাঁজু হোৱাৰ কথাও জানিব পৰা গৈছে। ইপিনে বঢ়মপুৰত বিজেপিৰ টিকট বিচাৰি নিৰ্বাচনী কুচকাৱাজ চলাই আছে বিজেপি নেতা জিতু গোস্বামী, জ্যেষ্ঠ সাংবাদিক সুনীল বৰা আৰু বিজেপিৰ নগাঁও জিলা সভাপতি অভিজিৎ নাথে।

শেহতীয়া বাতৰি