ডেৰমাহৰ অন্তত শুৱালকুছি আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীয়ে বিচাৰি পালে কিশোৰী সহ প্ৰেমিক মণ্টু দাসক।
ডেৰমাহৰ অন্তত শুৱালকুছি আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীয়ে বিচাৰি পালে কিশোৰী সহ প্ৰেমিক মণ্টু দাসক।
অচিনাকী নম্বৰৰ পৰা হঠাত্ অহা ফোন কল! মবাইলত ভাহি অহা এটা মিঠা স্বৰে হৃদয় ভেদিলে নগাঁৱৰ ৰনথলীৰ মন্টু দাসৰ। ডেৰ মাহে ভাৱৰ আদান-প্ৰদান। তাৰ পিছত প্ৰেম। তাৰ পিছতে টিউচনলৈ যোৱা প্ৰেয়সীক পলুৱাই বিবাহ কৰিলে প্ৰেমিকে। নগাঁৱৰ ৰণথলীৰ প্ৰেমিকাক পোৱালেগৈ শুৱালকুছি।
শুৱালকুছিত দিন-হাজিৰা কৰি প্ৰেমিকাৰ সৈতে আৰম্ভ কৰিলে নতুন জীৱন। পিছে মণ্টু দাস নামৰ এইগৰাকী ব্যক্তিৰ বাৰুকৈয়ে জ্বলা-কলা খুৱালে নগাঁও আৰক্ষীক। কাৰণ প্ৰেমিক মণ্টু দাস দুটি সন্তানৰ পিতৃ হোৱাৰ বিপৰীতে প্ৰেমিকা আকৌ দশমমান শ্ৰেণীৰ ছাত্ৰী। মণ্টু দাসে কিশোৰী গৰাকীক পলুৱাই নিয়াৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে নগাঁও আৰক্ষীৰ ওচৰত তৰিলে অপহৰণৰ গোচৰ। কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ মণ্টু দাসে ভুৱা পৰিচয়ৰে তেওঁলোকৰ নাবালিকা কন্যাক অপহৰণ কৰিলে। ইপিনে মণ্টু দাসক বিচাৰি আৰক্ষীৰ কাষ চাপিছিল তেওঁৰ পত্নীও।
ডেৰমাহৰ অন্তত শুৱালকুছি আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীয়ে বিচাৰি পালে কিশোৰী সহ প্ৰেমিক মণ্টু দাসক। ইতিমধ্যে নগাঁও আৰক্ষীয়ে কিশোৰীগৰাকীক পৰিয়ালক গটাই দিয়াৰ লগতে মণ্টুক জে:ল হাজোতলৈ প্ৰেৰণ কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|