মুখ্যপৃষ্ঠা »খবৰ »অসম »Nagaon News: সুখবৰ! এই বছৰৰ পৰাই আৰম্ভ হ’ব নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান; অসমত ১৪০০লৈ বৃদ্ধি চিকিৎসা বিজ্ঞানৰ আসনৰ সংখ্যা

Nagaon News: সুখবৰ! এই বছৰৰ পৰাই আৰম্ভ হ’ব নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান; অসমত ১৪০০লৈ বৃদ্ধি চিকিৎসা বিজ্ঞানৰ আসনৰ সংখ্যা

নগাঁও চিকিৎসা মহাবিদ্যালয়ক ২০২৩-২৪ চিকিৎসা শিক্ষা বৰ্ষৰ পৰাই MBBSৰ ১০০খন আসনেৰে চিকিৎসা বিজ্ঞানৰ পাঠদান আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান

নগাঁও চিকিৎসা মহাবিদ্যালয়ক ২০২৩-২৪ চিকিৎসা শিক্ষা বৰ্ষৰ পৰাই MBBSৰ ১০০খন আসনেৰে চিকিৎসা বিজ্ঞানৰ পাঠদান আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান

নগাঁও চিকিৎসা মহাবিদ্যালয়ক ২০২৩-২৪ চিকিৎসা শিক্ষা বৰ্ষৰ পৰাই MBBSৰ ১০০খন আসনেৰে চিকিৎসা বিজ্ঞানৰ পাঠদান আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান

  • Share this:
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (NMC)ৰ পৰা ৰাজ্যবাসীলৈ এক সুখবৰ আহিছে। নৱনিৰ্মিত নগাঁও চিকিৎসা মহাবিদ্যালয়ক অসমৰ একাদশখন চিকিৎসা মহাবিদ্যালয়ৰূপে NMCএ অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ বিশেষজ্ঞ দল এটাই বুধবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি উভতি যোৱাৰ এদিন পাছতে বৃহস্পতিবাৰে সন্ধিয়া আয়োগে নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ লৈ এক ই-মেইল প্ৰেৰণ কৰি চিকিৎসা মহাবিদ্যালয়খনক অনুমতি প্ৰদানৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।

উল্লেখ্য যে, আয়োগৰ 'মেডিকেল এছেছমেণ্ট আৰু ৰেটিং বোৰ্ড' (MARB)ৰ অধ্যক্ষই ইমেইলৰ জৰিয়তে প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰখনত উল্লেখ কৰা মতে নগাঁও চিকিৎসা মহাবিদ্যালয়কো ২০২৩-২৪ চিকিৎসা শিক্ষা বৰ্ষৰ পৰাই MBBSৰ ১০০খন আসনেৰে চিকিৎসা বিজ্ঞানৰ পাঠদান আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে। বুধবাৰে হোৱা NMCৰ বিশেষজ্ঞ দলৰ আকস্মিক পৰিদৰ্শনত নৱনিৰ্মিত নগাঁও চিকিৎসা মহাবিদ্যালয়ে আন্তঃগাথঁনিকে ধৰি আয়োগৰ অনুমতি লাভৰ ক্ষেত্ৰত বাধ্যতামূলক চৰ্তাৱলীসমূহ পূৰণ কৰিবলৈ সক্ষম হোৱাটো প্ৰতীয়মান হোৱাৰ বাবেই আয়োগে এই ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰে। পত্ৰখনত আয়োগৰ ফালৰ পৰা প্ৰকাশ কৰা মতে নতুন চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাথঁনিগত সা-সুবিধা, পৰীক্ষাগাৰ, গ্ৰন্থাগাৰ, ছাত্ৰাবাস-ছাত্ৰীবাস, চিকিৎসালয়, পৰ্যাপ্ত সংখ্যক অধ্যাপক-অধ্যাপিকা, জ্যেষ্ঠ আৱাসিক চিকিৎসকৰ উপলবদ্ধতাক লৈ আয়োগৰ পৰিদৰ্শনকাৰী দলে প্ৰতিবেদনত সন্তুষ্টি প্ৰকাশ কৰিছে।

মন কৰিবলগীয়া যে, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে এতিয়াৰে পৰা এঘাৰ দিন পূৰ্বে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়কো ২০২৩-২৪ চিকিৎসা শিক্ষা বৰ্ষৰ পৰাই ১০০খন MBBS আসনসহ পাঠদানৰ বাবে অনুমতি প্ৰদান কৰে। কোকৰাঝাৰৰ পাছতে নগাঁও চিকিৎসা মহাবিদ্যালয়কো NMCএ শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলিৰ অনুমতি প্ৰদান কৰিলে।

ইফালে, কোকৰাঝাৰৰ পাছত নগাঁও চিকিৎসা মহাবিদ্যালয়েও NMCৰ অনুমতি আহৰণ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। NMCৰ এই সিদ্ধান্তত আনন্দ প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নগাঁও জিলাবাসী ৰাইজৰ লগতে সমগ্ৰ ৰাজ্যবাসী আৰু নতুন চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ, বিভাগীয় মূৰব্বী তথা অধ্যাপক-অধ্যাপিকা, জ্যেষ্ঠ আৱাসিক চিকিৎসকে ধৰি মহাবিদ্যালয় পৰিয়ালৰ সকলো সদস্যকে অভিনন্দন জনাইছে। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাৰো বিশেষ ভাৱে শলাগ লয় স্বাস্থ্য তথা চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে ।

শেহতীয়া বাতৰি