মুখ্যপৃষ্ঠা » খবৰ

» অসম

»প্ৰাণৰ ভয়ত কিডনী দিবলৈ মান্তি হৈছিল নগাঁৱৰ দীপক, মানৱ অংগ সৰবৰাহকাৰীৰ কবলৰ পৰা পলাই আহি বিৱৰি ক’লে ভয়ংকৰ অভিজ্ঞতা

প্ৰাণৰ ভয়ত কিডনী দিবলৈ মান্তি হৈছিল নগাঁৱৰ দীপক, মানৱ অংগ সৰবৰাহকাৰীৰ কবলৰ পৰা পলাই আহি বিৱৰি ক’লে ভয়ংকৰ অভিজ্ঞতা

News18 Assam | News18-Assam
Updated:July 15, 2021, 3:02 PM IST
প্ৰাণৰ ভয়ত কিডনী দিবলৈ মান্তি হৈছিল নগাঁৱৰ দীপক, মানৱ অংগ সৰবৰাহকাৰীৰ কবলৰ পৰা পলাই আহি বিৱৰি ক’লে ভয়ংকৰ অভিজ্ঞতা
ভুক্তভোগী দীপক সিং

দীপকে প্ৰথম অৱস্থাত অমান্তি হৈছিল যদিও মানৱ অংগৰ ব্যৱসায়ী চক্ৰই তেওঁক হেঁচা প্ৰদান কৰাত প্ৰাণৰ ভয়ত তেওঁ মান্তি হৈছিল।

  • Share this:
কলকাতাত কাম দিম বুলি নগাঁও হুজগাঁৱৰ দীপক সিং নামৰ এগৰাকী ব্যক্তিক লৈ গৈছিল মানৱ অংগৰ ব্যৱসায়ীয়ে। হুজগাঁৱৰে ই-ৰিক্সা চালক পদ্মকান্ত দাস ওৰফে ভড়ালী আৰু দ্বীপ দাস নামৰ দুগৰাকী ব্যক্তিয়ে দীপক সিং নামৰ ব্যক্তিগৰাকীক লৈ গৈছিল কলকাতালৈ। কিন্তু কলকাতাত গৈ পোৱাৰ পিছতে দীপক সিঙক ৪ লাখ টকাৰ বিনিময়ত বৃক্ক দান কৰিবলৈ কৈছিল পদ্মই। দীপকে প্ৰথম অৱস্থাত অমান্তি হৈছিল যদিও মানৱ অংগৰ ব্যৱসায়ী চক্ৰই তেওঁক হেঁচা প্ৰদান কৰাত প্ৰাণৰ ভয়ত তেওঁ মান্তি হৈছিল।

ইয়াৰ পিছতে তেওঁ বজাৰ কৰাৰ চলেৰে যোৱা ১১জুলাইত কলকাতাৰ পৰা পলায়ন কৰিছিল। আজি নগাঁও সদৰ আৰক্ষী থানাত পদ্মকান্ত দাস আৰু দ্বীপ দাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি দীপক সিঙে কয়, "মোক জোৰ জবৰদস্তি তেওঁলোকে বৃক্ক দান কৰোৱাৰ চেষ্টা কৰিছিল। কিন্তু ইশ্বৰৰ কৃপাত মই বাচি আহিলো। দ্বীপ আৰু পদ্ম ঘৰতে আছে। দুয়োকে আৰক্ষীয়ে শীঘ্ৰে গ্ৰেপ্তাৰ কৰি মানুহখিনিক বচাওক।" উল্লেখযোগ্য যে, ইতিমধ্যে হুজগাঁৱৰ ৬গৰাকী লোকে বৃক্ক দান কৰাৰ কথা স্বীকাৰ কৰিছে।
Published by: Sanjay Kumar Das
First published: July 15, 2021, 3:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি