মুখ্যপৃষ্ঠা »খবৰ »অসম »Teacher's Death: নগাঁও চৰকাৰী শিক্ষণ মহাবিদ্যালয়ৰ অধ্যাপিকা গায়ত্ৰী ভৰালীৰ আকস্মিক বিয়োগ। 

Teacher's Death: নগাঁও চৰকাৰী শিক্ষণ মহাবিদ্যালয়ৰ অধ্যাপিকা গায়ত্ৰী ভৰালীৰ আকস্মিক বিয়োগ। 

Teacher's Death: শনিবাৰে কলিয়াবৰৰ নামগাঁওস্থিত গৃহত গায়ত্ৰী ভৰালীৰ নশ্বৰ দেহ অনাৰ পাছতে আত্মীয়-স্বজন, গাঁওবাসীৰ লগতে বিভিন্ন দল-সংগঠনে শ্ৰদ্ধাঞ্জলি জনায়।

  • Share this:
নগাঁও চৰকাৰী শিক্ষণ মহাবিদ্যালয়ৰ অধ্যাপিকা গায়ত্ৰী ভৰালীৰ শুকুৰবাৰে  গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত কৰুণ মৃত্যু হয়। অধ্যাপিকা গায়ত্ৰী ভৰালীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত নগাঁও চহৰৰ লগতে কলিয়াবৰতো শোঁকৰ ছাঁ পৰিছে।

শনিবাৰে কলিয়াবৰৰ নামগাঁওস্থিত গৃহত গায়ত্ৰী ভৰালীৰ নশ্বৰ দেহ অনাৰ পাছতে আত্মীয়-স্বজন, গাঁওবাসীৰ লগতে বিভিন্ন দল-সংগঠনে শ্ৰদ্ধাঞ্জলি জনায়। কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰসন্থা, কলিয়াবৰ প্ৰেছ ক্লাৱ প্ৰমূখ্যে বিভিন্ন দল-সংঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

কলিয়াবৰৰ চতিয়ালত জন্মগ্ৰহণ কৰা গায়ত্ৰী ভৰালীয়ে হাটবৰস্থিত কলিয়াবৰ ছোৱালী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত উচ্চ-মাধ্যমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু পুনে বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত  নগাঁও চৰকাৰী শিক্ষণ মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে যোগদান কৰিছিল গায়ত্ৰী ভৰালীয়ে।

চাৰিদিন পূৰ্বে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত অসুস্থ গায়ত্ৰী ভৰালীক চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছিল যদিও শুকুৰবাৰে বিয়লি চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ স্বামী, কন্যা-পুত্ৰসহ আত্মীয় স্বজনক ইহ-সংসাৰত এৰি থৈ যায়।

শেহতীয়া বাতৰি