মুখ্যপৃষ্ঠা »খবৰ »অসম »Kalang River: পুনৰ উজ্জীৱিত হ'ব নগাঁও বাসীৰ আয়ুসৰেখাস্বৰূপ কলং নৈ; মন্ত্ৰী পিযুষ হাজৰিকাই আৰম্ভ কৰিলে কলং নৈৰ বুকু খনন আৰু নিকাকৰণৰ কাম

Kalang River: পুনৰ উজ্জীৱিত হ'ব নগাঁও বাসীৰ আয়ুসৰেখাস্বৰূপ কলং নৈ; মন্ত্ৰী পিযুষ হাজৰিকাই আৰম্ভ কৰিলে কলং নৈৰ বুকু খনন আৰু নিকাকৰণৰ কাম

বিধায়ক ৰূপক শৰ্মাৰ প্ৰয়াসক শলাগ কলংপৰীয়া ৰাইজৰ

বিধায়ক ৰূপক শৰ্মাৰ প্ৰয়াসক শলাগ কলংপৰীয়া ৰাইজৰ

বিধায়ক ৰূপক শৰ্মাৰ প্ৰয়াসক শলাগ কলংপৰীয়া ৰাইজৰ

  • Share this:
প্ৰাণচঞ্চলা হ'ব কলং। আতৰিব কলঙৰ বুকুৰ আৱৰ্জনা। নগাঁৱৰ আয়ুসৰেখা কলঙে পুনৰ ঘূৰাই পাব নিজৰ ৰূপ। শনিবাৰে জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই এক্সকেভেটৰ চলাই কলং নৈৰ বুকু খনন আৰু নিকাকৰণৰ কাম আৰম্ভ কৰিলে। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বাৰম্বাৰ কলং নৈক পৰিস্কাৰ কৰাৰ লগতে কলঙৰ বুকু খনন কৰাৰ বাবে অসম বিধানসভাত চৰকাৰক আহ্বান জনাইছিল। কলঙক পুনৰ বোৱতী কৰাৰ বাবেও বিগত কাৰ্যকালত চৰকাৰক অনুৰোধ জনাইছিল।

উল্লেখ্য যে, বিগত কাৰ্যকালৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই হাতীমূৰাত কলং নৈক অত্যাধুনিক পদ্ধতিৰে শ্লুইছ গেটৰ জৰিয়তে নিয়ন্ত্ৰিত ৰূপত কলং প্ৰৱাহমান কৰাৰ বাবে প্ৰকল্পৰ আৰম্ভনি কৰিছিল। সেই প্ৰকল্পৰ কামো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। কিন্তু দীৰ্ঘদিনে বান্ধি ৰখা কলঙৰ বুকু বাম হৈ পৰিছিল। লগতে বেদখলৰ গ্ৰাসত পৰি যেন মৃত্যুৰ মুখলৈ গতি কৰিছিল এই নৈ খনে। সেয়ে নগাঁৱৰ আয়ুসৰেখাক উজ্জীৱিত কৰাৰ বাবে বিধায়ক ৰূপক শৰ্মাই বাৰে বাৰে চৰকাৰক অনুৰোধ জনাই আহিছিল। অৱশেষত শনিবাৰে চৰকাৰে ২ কোটি ৮০ লাখ টকা ব্যয়ৰে পৰীক্ষণমূলক ভাৱে নগাঁও চহৰৰ বুকুত ৩ কিলোমিটাৰ পৰ্যন্ত কলং নৈৰ খননৰ কামৰ শুভাৰম্ভ কৰিলে।

আনহাতে, কলং নৈৰ খননৰ কাম আৰম্ভ হোৱাৰ লগে লগে আনন্দিত হৈ পৰিছে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। কলং নৈক উজ্জীৱিত কৰাৰ বাবে বিধায়কগৰাকীয়ে কৰা প্ৰয়াস সফল হোৱাৰ পিছতে ৰূপক শৰ্মাই ক'লে নগাঁও বাসীৰ এক সপোনে প্ৰাণ পালে।

কলংপৰীয়া কবি দেৱকান্ত বৰুৱা, লুইতপৰীয়া শিল্পী ৰুদ্ৰ বৰুৱা, ড° ভবেন্দ্ৰ নাথ শইকীয়া, নৱকান্ত বৰুৱা,  মহীম বৰা আদি বহু মহীৰূহৰ অনুপ্ৰেৰণা হৈ অসমীয়া সমাজ-জীৱনক চহকী কৰা কলং নৈৰ পূৰ্বৰ প্ৰাণচঞ্চলা ৰূপ চাবলৈ যেন উদগ্ৰীৱ হৈ পৰিছে প্ৰতিজন নগাওঁবাসী,  প্ৰতিজন কলংপৰীয়া।

শেহতীয়া বাতৰি