বিগত তিনিমাহত নগাঁও আৰক্ষীৰ ৩জনকৈ আৰক্ষী বিষয়া দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হৈ শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হোৱাৰ পিছত আজি পুনৰ নগাঁও আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শকক আটক কৰিলে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই।
নগাঁৱৰ কঁচুৱা আৰক্ষী থানাত উপ-পৰিদৰ্শক ৰূপে কৰ্মৰত অনুপ কটকীক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰকৰ দলে। দুৰ্নীতি নিবাৰকে সংবাদ মাধ্যমক জনোৱা অনুসৰি এগৰাকী মহিলাক জামিন প্ৰদানৰ বাবে ৫হাজাৰ টকা বিষয়াগৰাকীয়ে বিচাৰিছিল। পিছে মহিলাগৰাকীয়ে ৪হাজাৰ টকাহে উৎকোচ দিয়াৰ প্ৰস্তাৱ দিয়ে বিষয়াগৰাকীক। মহিলাগৰাকীৰ প্ৰস্তাৱত মান্তি হোৱা বিষয়াগৰাকীয়ে আজি বিয়লি উৎকোচৰ ধন আদায় দিয়াৰ নিৰ্দেশ দিয়ে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত গোচৰ দিয়ে। সেই অনুসৰিয়ে আজি দূৰ্নীতি নিবাৰকৰ এটা দল কঁচুৱা থানাত উপস্থিত হয়। মহিলাগৰাকীয়ে অনুপ কটকী নামৰ বিষয়া গৰাকীক উৎকোচৰ ধন আদায় দিয়াৰ পিছতে দূৰ্নীতি নিবাৰকৰ দলে তেঁওক হাতে-লোটে গ্ৰেপ্তাৰ কৰাৰ চেষ্টা কৰে। কিন্তু দূৰ্নীতি নিবাৰকৰ দল দেখি আৰক্ষী বিষয়া গৰাকীয়ে উৎকোচৰ ধন কাষতে থকা এটা কাগজৰ কাৰ্টুনত পেলাই দিয়ে। ইয়াৰ পিছতে দূৰ্নীতি নিবাৰকে অনুপ কটকীক গ্ৰেপ্তাৰ কৰে। আনহাতে আটকাধীন বিষয়া অনুপ কটকীৰ মতে এয়া তেঁওৰ বিৰুদ্ধে আৰক্ষীৰে এটা চক্ৰৰ এক পৰিকল্পিত ষড়যন্ত্ৰ। তেঁও উৎকোচ লোৱা বিষয়টোকো সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে।
Published by: Kokil Sarma
FIRST PUBLISHED : September 03, 2022, 22:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।