• Home
  • »
  • News
  • »
  • assam
  • »
  • ''জাতিৰ সংকটৰ সময়ত সাহিত্য সভাই মাত মাতি আহিছে''- নগাঁও সাহিত্য সভাৰ সোণালী জয়ন্তী সভাত বিধায়ক ৰূপক শৰ্মা

''জাতিৰ সংকটৰ সময়ত সাহিত্য সভাই মাত মাতি আহিছে''- নগাঁও সাহিত্য সভাৰ সোণালী জয়ন্তী সভাত বিধায়ক ৰূপক শৰ্মা

নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তীৰ সামৰণি

নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তীৰ সামৰণি

নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তীৰ সামৰণি

  • Share this:
নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত তিনিদিনীয়াকৈ অনুষ্ঠিত নগাঁও জিলা সাহিত্য সভাৰ  সোণালী জয়ন্তী উৎসৱৰ আজি সামৰণি পৰে ৷ আজি বিয়লি নগাঁও জিলাৰ সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নিজৰ চমু ভাষণত কয় যে  অসম সাহিত্য সভাই ইতিমধ্যে ১০০ বছৰ অতিক্ৰম কৰিছে৷

অসমীয়া জাতিৰ সংকটৰ সময়ত অসম সাহিত্য সভাই সদায় মাত মাতি আহিছে ৷ বৰ্তমান সময়ত নৱপ্ৰজন্মই ডিজিটেল মাধ্যমৰ গ্ৰন্থকে ধৰি বিভিন্ন বিষয়ৰ অধ্যয়ন কৰিবলৈ সুযোগ পাইছে যদিও ছপা গ্ৰন্থৰ গুৰুত্ব অধিক ৷ এখন গ্ৰন্থ হাতত লৈ আমি সকলোৱে আনন্দ অনুভৱ কৰোঁ ৷ গ্ৰন্থৰ বিক্ৰী এতিয়াও আছে বুলি মন্তব্য কৰি বিধায়ক শৰ্মাই নৱপ্ৰজন্মক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ সাহিত্য সভাক আহ্বান জনায় ৷

সভাত অংশগ্ৰহণ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই অবিভক্ত নগাঁও জিলাৰ প্ৰাচীন ঐতিহ্য আৰু নগঞা সাহিত্যৰ কাণ্ডাৰীসকলৰ কথা উল্লেখ কৰি কয় যে অসমীয়া সাহিত্যৰ আদি যুগ নগাঁওতেই হৈছে ৷ নগাঁৱৰ সাহিত্যৰ ইতিহাস বৰ্ণিল। প্ৰসংগক্ৰমে বৰাই বৰ্তমানৰ একাংশ নৱপ্ৰজন্মই সাহিত্য, সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰত বিশেষ অধ্যয়ন কৰিব নিবিচাৰে বুলি আক্ষেপ প্ৰকাশ কৰে ৷

আনহাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনৰ বিষয়ে উল্লেখ কৰি বাবুল বৰাই কয় যে শংকৰদেৱ- মাধৱদেৱক পাহৰি গ'লে অসমীয়া জাতিক কোনো শক্তিশালী শক্তিয়ে ৰক্ষা কৰিব নোৱাৰে ৷ তেওঁ সকলোকে অসমীয়া সংস্কৃতি আৰুঐতিহ্য ৰক্ষা কৰিবলৈ আহ্বান জনায় ৷

সভাত নগাঁও জিলা সাহিত্য সভাৰ পত্ৰিকা উন্মোচন কৰি দিয়া ভাষণত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে নগাঁও বহু সাহিত্য কাণ্ডাৰীৰ  জন্মভূমি ৷ এওঁলোক আছিল জাতিৰ দৰ্শনৰ স্ৰষ্টা আৰু জাতিটোক নতুন পথৰ সন্ধান দিছিল৷ অসমীয়া ভাষাৰ বিপৰ্যয়ৰ সময়ত নগাঁৱতেই থাকি মাইলছ ব্ৰনছন আৰু আনন্দ ৰাম ঢেকিয়াল ফুকনে অসমীয়া ভাষা পুনৰ উদ্ধাৰৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল৷

যুগে যুগে  সাহিত্যকৰ্ম চলি আহিছে বুলি মন্তব্য কৰি সাংসদ বৰদলৈয়ে কয় যে সাহিত্য কৰ্মৰ চৰিত্ৰ সময়ে সময়ে সলনি হৈ থাকে। বৰদলৈয়ে নগাঁও জিলা সাহিত্য সভাক ডিজিটেল আৰ্কাইভ মুকলি কৰিবৰ বাবে তেওঁৰ সাংসদ পুঁজিৰ পৰা ১০ লাখ টকা অনুদান দিব বুলি সভাতেই  ঘোষণা কৰে ৷

সভাত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই ভাষণ দি কয় যে নগাঁও হৈছে মৌলিক সাহিত্য সৃষ্টিৰ মূল ভেটি ৷ নগাঁৱত কল কাৰখানা নাই ,আছে উৰ্বৰ মস্তিস্ক , যাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ ৷ অসমীয়া ভাষাই আজিও ৰাজ্য ভাষাৰ স্বীকৃতি পোৱা নাই বুলি মন্তব্য কৰি বৰুৱাই কয় যে  সকলো ফালৰ পৰাই অসমীয়া ভাষাক চেপি ধৰিছে ৷ অসমীয়া ভাষীৰ সংখ্যা দ্ৰুতভাৱে কমি আহিছে ৷ মাত্ৰ ৪৭ শতাংশইহে অসমীয়া ভাষা কয় ৷

সভাত ভাষণ দি বিশিষ্ট সাহিত্যিক গৱেষক ড° নৰেন কলিতাই কয় যে  অসমীয়া এটা চহকী ভাষা, এই ভাষাৰ প্ৰতি বিভিন্ন সময়ত প্ৰত্যাহ্বান আহিছে যদিও অসমৰ সমাজ জীৱনে এই প্ৰত্যাহ্বান নেওচি ভাষাটোক  জীপাল কৰি ৰাখিছে ৷ সভাত সোণালী জয়ন্তী বৰ্ষ উপলক্ষে প্ৰকাশ কৰা  স্বৰ্ণস্মৃতি নামৰ স্মৰণিকা উন্মোচন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ৷

সভাত ভীষ্ম দুৰ্লভ মহন্তৰ "শ্ৰী শ্ৰী মাধৱদেৱৰ বিচিত্ৰ জীৱন আৰু অৱদান" গ্ৰন্থখন উন্মোচন কৰা হয় ৷ জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই আঁত ধৰা সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা ,নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপসভাপতি শ্যামান্ত দাস, সাহিত্য সভাৰ বিভিন্ন বিষয়ববীয়া ক্ৰমে ভৱেশ মেধি, আবুল খায়েৰ আহমেদ, উপেন বৰা, শৰৎ শইকীয়া, দেৱেন বৰদলৈ, বিনু লস্কৰ ঠাকুৰীয়া, ত্ৰিদিপ লস্কৰ, বল্লদেৱ শৰ্মা,ময়ূৰ বৰা আৰু মৃগাংক বৰা আদিয়ে অংশগ্ৰহণ কৰে৷ ইপিনে আজি পুৱাৰ ভাগত  নগাঁও চহৰত এক আকৰ্ষণীয় শোভাযাত্ৰা উলিওৱা হয়। সন্ধিয়া শিক্ষাবিদ বলেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠানেৰে নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি পৰে ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি