বেজৰ নাকতে খৰ! নগাঁও আৰক্ষী নিৱেশৰ ভিতৰতে চোৰৰ টিঘিলঘিলনি, ৰাইজে আটক কৰি কৰিলে প্ৰহাৰ

নগাঁও আৰক্ষীক কেৰেপ নকৰে সাধাৰণ চোৰেও
নগাঁও আৰক্ষীক কেৰেপ নকৰে সাধাৰণ চোৰেও
- News18 Assam
- Last Updated: November 27, 2020, 4:53 PM IST
শেহতীয়াভাৱে মৰিকলং আৰক্ষী চকীৰ ভিতৰতে আৰক্ষীক প্ৰহাৰ কৰি পলায়ণ কৰা ঘটনাৰ মূল অপৰাধীক আটক কৰাত চুড়ান্ত ভাৱে ব্যৰ্থ হোৱা নগাঁও আৰক্ষীৰ পৰিয়ালৰ লোকো এতিয়া শংকিত ক্ৰমবৰ্দ্ধমান অপৰাধজনিত কাৰ্যকলাপত। সেয়েহে এতিয়া আৰক্ষী নিৱেশৰ ভিতৰতে চোৰৰ টিঘিলঘিলনি। আজি নগাঁও আৰক্ষী নিৱেশত চুৰি কৰিবলৈ আহি ধৰা পৰিল আছিক আহমেদ নামৰ এটা চোৰ।
আৰক্ষী নিৱেশৰ কাষতে বাস কৰা এটা পৰিয়ালত চুৰি কৰিবলৈ যোৱা আছিক আহমেদ নামৰ চোৰটোক অৱশ্যে স্থানীয় ৰাইজে আটক কৰিবলৈ সক্ষম হয়। ৰাইজে আটক কৰি চোৰটোক উত্তম-মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। কিন্তু আছিকৰ সৈতে চুৰি কৰিবলৈ অহা আন এটা চোৰে সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।