ক্লাছৰ কথা নাই, ৪ লাখ টকাৰ বিনিময়ত প্ৰদান কৰে BSc, Mscৰ লগতে ডক্টৰেট ডিগ্ৰী! পিছে এতিয়া...

News18 Assam | News18-Assam
Updated:August 1, 2020, 5:00 PM IST
ক্লাছৰ কথা নাই, ৪ লাখ টকাৰ বিনিময়ত প্ৰদান কৰে BSc, Mscৰ লগতে ডক্টৰেট ডিগ্ৰী! পিছে এতিয়া...
নগাঁৱৰ এখন শিক্ষানুষ্ঠানৰ বিৰুদ্ধে উঠিছে জালিয়াতিৰ অভিযোগ

নগাঁৱৰ এখন শিক্ষানুষ্ঠানৰ বিৰুদ্ধে উঠিছে জালিয়াতিৰ অভিযোগ

  • Share this:
নগাঁৱৰ এখন শিক্ষানুষ্ঠানৰ বিৰুদ্ধে উঠিছে জালিয়াতিৰ অভিযোগ। শিক্ষানুষ্ঠানখনৰ বিৰুদ্ধে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ লগতে বি ফাৰ্মৰ চাৰ্টিফিকেট ধনৰ বিনিময়ত  প্ৰদান কৰাৰ অভিযোগ জিলা প্ৰশাসনৰ ওচৰত দাখিল কৰিছে নগাঁৱৰ এগৰাকী চিকিৎসকে।

‘হাম এক গ্ৰুপ অৱ ইনষ্টিটিউট' নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। ২০১৭ চনতে ৰাষ্ট্ৰীয় সংখ্যালঘূ শিক্ষা সঞ্চালকালয়ে বাতিল কৰা সংখ্যালঘূ শিক্ষা বৰ্ডৰ নামত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উৰ্ত্তীণ হোৱাৰ চাৰ্টিফিকেট প্ৰদান কৰি সেইসকল ছাত্ৰকে পুনৰ বি ফাৰ্মৰ ডিগ্ৰী প্ৰদান কৰে এইখন প্ৰতিষ্ঠানে।

RKDF আৰু SVN নামৰ দুখন বিশ্ববিদ্যালয়ৰ পৰা BPharm, BSc, MSc, BA, MA, PhD, Mphill, BEd আদি ডিগ্ৰী প্ৰদান কৰা এইখন প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰতিটো ডিগ্ৰীৰ বাবদ লয় ৪ লক্ষাধিক টকা।অৱশ্যে এই অভিযোগৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ কোনো উত্তৰ নিদিলে শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বী ইমামূল হাছানে।

সংবাদ মাধ্যমৰ সন্মুখীন হ'ব নিবিচৰা প্ৰতিষ্ঠানটোৰ মুৰব্বী গৰাকীৰ বিৰুদ্ধে নগাঁও জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছে গোলাঘাটৰ চিকিৎসক ডা: কামাল হাছান নামৰ এগৰাকী ব্যক্তিয়ে। ডা: হাছানৰ মতে শিক্ষা ব্যৱস্থাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা শিক্ষা প্ৰতিষ্ঠান খনে কোনোধৰণৰ পাঠদান অথবা পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে কেৱল বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত বিভিন্ন লোকক প্ৰদান কৰি আহিছে ডিগ্ৰী।

কিন্তু UEB অৰ্থাৎ উৰ্দু এডুকেশ্যন বৰ্ডৰ বৈধতাক লৈ দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ চলি থকাৰ সময়তে নগাঁৱৰ এইখন শিক্ষানুষ্ঠানে উৰ্দু শিক্ষা ব'ৰ্ডৰ নামত চাৰ্টিফিকেট প্ৰদান কৰাৰ জৰিয়তে কোটি কোটি টকাৰ ব্যৱসায় কৰা ঘটনাৰ তদন্ত কৰাৰ প্ৰয়োজন নগাঁও জিলা প্ৰশাসনে ইমানদিনে কিয় কৰা নাই সেয়াও ৰহস্যজনক। আনহাতে, নাম প্ৰকাশত অনিচ্ছুক প্ৰতিষ্ঠানখনৰে  একাংশ ছাত্ৰৰ মতে, জিলা প্ৰশাসন তথা নগাঁও জিলা শিক্ষাবিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ এই প্ৰতিষ্ঠানটোৰ লগত আছে গোপন সম্পৰ্ক।
Published by: Himangshu Bhuyan
First published: August 1, 2020, 4:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading