হিন্দু আৰু মুছলিম দুই সম্প্ৰদায়ৰ দুজন শিল্পীৰ যৌথ প্ৰচেষ্টাত প্ৰাণ পাই উঠা প্ৰতিমাৰে নগাঁৱৰ বঢ়মপুৰত দাঙি ধৰিছে সমন্বয় আৰু ঐক্যৰ অপূৰ্ব নিদৰ্শন।
হিন্দু আৰু মুছলিম দুই সম্প্ৰদায়ৰ দুজন শিল্পীৰ যৌথ প্ৰচেষ্টাত প্ৰাণ পাই উঠা প্ৰতিমাৰে নগাঁৱৰ বঢ়মপুৰত দাঙি ধৰিছে সমন্বয় আৰু ঐক্যৰ অপূৰ্ব নিদৰ্শন।
হিন্দু আৰু মুছলিম দুই সম্প্ৰদায়ৰ দুজন শিল্পীৰ যৌথ প্ৰচেষ্টাত প্ৰাণ পাই উঠা প্ৰতিমাৰে নগাঁৱৰ বঢ়মপুৰত দাঙি ধৰিছে সমন্বয় আৰু ঐক্যৰ অপূৰ্ব নিদৰ্শন। হিন্দু মুছলমানৰ সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি নগাঁৱৰ বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীত কাঠৰ প্ৰতিমাৰে শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি ।
ধৰ্মীয় ভেদাভেদৰ পৰিৱৰ্তে আৰক্ষীৰ খাকী পোছাক আৰু দায়িত্বৰ মাজতেই ধৰ্মীয় সংহতিৰ বিৰল নিদৰ্শন দাঙি ধৰি এগৰাকী হিন্দু আৰু এগৰাকী মুছলমান সম্প্ৰদায়ৰ শিল্পীয়ে যৌথভাৱে নগাঁৱৰ বঢ়মপুৰত সাজি উলিয়ালে কাঠৰ মা দূর্গাৰ প্ৰতিমাৰ লগতে লক্ষ্মী, সৰস্বতী, গণেশ আৰু কাৰ্তিকৰ প্ৰতিমূৰ্তি।
বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীৰ আৰক্ষী বিষয়া পংকজ মহন্ত আৰু তেওঁৰ সহযোগী জোৱান মহম্মদ মনি আহমেদৰ প্ৰায় ১১ মাহৰ নেৰানেপেৰা প্ৰচেষ্টাত পূৰ্ণতা লাভ কৰা প্ৰতিমূৰ্তিত কেৱল চেচু আৰু মহা নীম গছৰ কাঠ ব্যৱহাৰ কৰা হৈছে। দুয়োগৰাকী শিল্পীয়ে তথা আৰক্ষীয়ে দুই প্ৰজাতিৰ কাঠ আৰু দুই প্ৰজাতিৰ মানুহৰ সমন্বয়ত দুই ধৰ্মৰ মাজত গঢ়ি তুলিছে এক মহামিলনৰ সেতু।
এৰাব নোৱাৰা কৰ্তব্যৰ মাজতো দুই শিল্পীৰ এই মহান প্ৰয়াসত ২০১৫ চনতেই সৃষ্টি হোৱা প্ৰতিমাৰ দ্বাৰা এইবাৰো দুৰ্গোৎসৱ উদযাপনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। ইতিমধ্যে সজাই-পৰাই তোলা হৈছে নগাঁৱৰ বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীৰ দুৰ্গা মণ্ডপ ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|