• Home
  • »
  • News
  • »
  • assam
  • »
  • চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ নাম উজ্বলালে নগাঁৱৰ শিল্পীশিখাই, হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থান দখল

চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ নাম উজ্বলালে নগাঁৱৰ শিল্পীশিখাই, হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থান দখল

নগাঁৱৰ অতি ভিতৰুৱা গ্ৰামাঞ্চলৰ ছাত্ৰী গৰাকীৰ সাফল্যই পুনৰ জিলিকাই তুলিলে চৰকাৰী শিক্ষাখণ্ডক।

নগাঁৱৰ অতি ভিতৰুৱা গ্ৰামাঞ্চলৰ ছাত্ৰী গৰাকীৰ সাফল্যই পুনৰ জিলিকাই তুলিলে চৰকাৰী শিক্ষাখণ্ডক।

নগাঁৱৰ অতি ভিতৰুৱা গ্ৰামাঞ্চলৰ ছাত্ৰী গৰাকীৰ সাফল্যই পুনৰ জিলিকাই তুলিলে চৰকাৰী শিক্ষাখণ্ডক।

  • Share this:
সততে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ বাবে সমালোচনাৰ সন্মুখীন হোৱা চৰকাৰী শিক্ষাখণ্ডলৈ সুবাৰ্তা কঢ়িয়াইছে নগাঁৱৰ কাছমাৰী পলাশতলৰ শিল্পীশিখা ডেকাই। নগাঁও জিলাৰ ভিতৰুৱা গ্ৰামাঞ্চল হিচাপে পৰিচিত কাছমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ ডেকাৰ সপোন বাস্তবায়িত কৰি শিল্পীশিখাই আজুৰি আনিলে সমগ্ৰ অসমৰ ভিতৰতে নৱম স্থান।

শিল্পীশিখাৰ এই সাফল্যত আৱেগিক হৈ পৰা পিতৃ ভুৱন চন্দ্ৰ ডেকাই হুকহুকাই কান্দিলে কেমেৰাৰ সন্মুখত। মাতৃ দুলুমণি বৰাইয়ো সন্তানৰ সাফল্যত আৱেগিক হৈ পৰে। উল্লেখযোগ্য  আটাইকেইটা বিভাগতে লেটাৰ মাৰ্ক পোৱা শিল্পীশিখাই সাধাৰণ গণিত আৰু ঐচ্ছিক গণিতত সম্পূৰ্ণ ১০০ নম্বৰ লাভ কৰে। ভৱিষ্যতে সু চিকিৎসক হোৱাৰ কামনাৰে জীৱনৰ পথত খোজ দিয়া শিল্পীশিখাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতো অতি সুন্দৰ কৈ পৰিৱেশন কৰে। দৈনিক ৮ ঘণ্টাকৈ অধ্যয়ণ কৰা শিল্পীশিখাৰ মতে ব্যক্তিগত খণ্ডৰ সমানে সমানে চৰকাৰী খণ্ডৰ শিক্ষকেও পাঠদানত সদায় গুৰুত্ব দিয়ে। এটা বিষয়তো ব্যক্তিগত টিউছন গ্ৰহণ নকৰা শিল্পীশিখাৰ ফলাফল উন্নত কৰাত কাছমাৰী হাইস্কুলৰ পুৰামাত্ৰাই অৰিহণা আছে।

নগাঁৱৰ অতি ভিতৰুৱা গ্ৰামাঞ্চলৰ ছাত্ৰী গৰাকীৰ সাফল্যই পুনৰ জিলিকাই তুলিলে চৰকাৰী শিক্ষাখণ্ডক। শিল্পীশিখাৰ পৰিয়ালৰ লগতে এই সাফল্যই আৱেগিক কৰি তুলিলে কাছমাৰী হাইস্কুলৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়ত্ৰীকে। সেয়ে শিল্পীৰ সাফল্যৰ বাৰ্তা পোৱাৰ লগে লগে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী সকল ঢপলিয়াই আহিল ছাত্ৰীগৰাকীৰ গৃহলৈ।

First published: