
২০১৭ চনৰে পৰা নগাঁও জিলা পৰিষদৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ফটিক চন্দ্ৰ দাসে নিয়মীয়া ভাৱে জাতীয় সাজপাৰ পৰিধান কৰি কাৰ্যালয়লৈ অহাৰ বিষয়টো বিশেষভাৱে চৰ্চিত হৈছে।
২০১৭ চনৰে পৰা নগাঁও জিলা পৰিষদৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ফটিক চন্দ্ৰ দাসে নিয়মীয়া ভাৱে জাতীয় সাজপাৰ পৰিধান কৰি কাৰ্যালয়লৈ অহাৰ বিষয়টো বিশেষভাৱে চৰ্চিত হৈছে।
বিজেপি চৰকাৰ প্ৰথমবাৰলৈ ক্ষমতালৈ আহি সপ্তাহৰ দুটা দিনত জাতীয় সাজপাৰ পৰিধান কৰি কাৰ্যালয়লৈ আহিবলৈ চৰকাৰী কৰ্মচাৰী সকলক আহ্বান জনাইছিল। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক উৎসাহিত কৰবলৈ আনকি সেইসময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু মন্ত্ৰী বিধায়কে জাতীয় সাজপাৰ পৰিধান কৰি কাৰ্যালয়লৈ আহিছিল।
জিলা উপায়ুক্তৰ পৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈকে প্ৰতিজন কৰ্মচাৰীয়ে জাতীয় সাজপাৰ পৰিধান কৰি কাৰ্যালয়লৈ অহাৰ বিষয়টোয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। পিছে দিন বাগৰাৰ লগে লগে সকলোৱে পাহৰিলে জাতীয় সাজপাৰৰ বিষয়টো। ক'ভিদকালীন পৰিস্থিতিৰ পিছত জাতীয় সাজপাৰ পৰিধান কৰি কাৰ্যালয়লৈ আহিবলৈ চৰকাৰে কৰা আহ্বান যেন ফুটুকাৰ ফেনত পৰিণত হ'ল। পিছে এইক্ষেত্ৰত যেন ব্যতিক্ৰম নগাঁৱৰ এগৰাকী চতুৰ্থবৰ্গৰ কৰ্মচাৰী। চৰকাৰৰ আহ্বানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এইগৰাকী কৰ্মচাৰীয়ে বাদ দিলে লংপেণ্ট-চাৰ্ট পৰিধান কৰিবলৈ। ২০১৭ চনৰে পৰা নগাঁও জিলা পৰিষদৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ফটিক চন্দ্ৰ দাসে নিয়মীয়া ভাৱে জাতীয় সাজপাৰ পৰিধান কৰি কাৰ্যালয়লৈ অহাৰ বিষয়টো বিশেষভাৱে চৰ্চিত হৈছে। ফটিক চন্দ্ৰ দাসে সংবাদ মাধ্যমক জনোৱা অনুসৰি তেওঁ অৱসৰৰ সময়লৈকে জাতীয় সাজপাৰ পৰিধান কৰিয়ে কাৰ্যালয়লৈ আহিব। জাতীয় সাজপাৰ পৰিধান কৰি অতি আনন্দিত বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে নগাঁও জিলা পৰিষদৰ কৰ্মচাৰী দাসে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|