বহু মহিলা তথা যুৱতীক গাড়ী চালনাৰ প্ৰশিক্ষণ দিয়াৰ লগতে নিজেও আৰ্থিকভাৱে স্বাৱলম্বী হৈছে এইগৰাকী যুৱতী।
বহু মহিলা তথা যুৱতীক গাড়ী চালনাৰ প্ৰশিক্ষণ দিয়াৰ লগতে নিজেও আৰ্থিকভাৱে স্বাৱলম্বী হৈছে এইগৰাকী যুৱতী।
লকডাউনত গুৱাহাটীত কৰ্মসংস্থাপন হেৰুৱাই ঘৰলৈ ঘূৰি অহা এগৰাকী যুৱতীয়ে বৰ্তমান স্বাৱলম্বিতাৰ ক্ষেত্ৰত আশাৰ বতৰা কঢ়িৱাইছে। নগাঁও চহৰত লাওখোৱা ৰোডৰ ৰিংকুমণি চৌধুৰী নামৰ যুৱতীগৰাকীয়ে বৰ্তমান আৰ্থিক স্বাৱলম্বিতাৰ বাবে বাছি লৈছে গাড়ী চালনাৰ প্ৰশিক্ষণ দিয়াৰ কাম। ইয়াৰ জৰিয়তে বহু মহিলা তথা যুৱতীক গাড়ী চালনাৰ প্ৰশিক্ষণ দিয়াৰ লগতে নিজেও আৰ্থিকভাৱে স্বাৱলম্বী হৈছে এইগৰাকী যুৱতী।
সৰুৰে পৰা গাড়ী চলাই ভালপোৱা ৰিংকুৱে গুৱাহাটীত এটা ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰিছিল। কিন্তু লকডাউনৰ বাবে চাকৰি এৰিবলৈ বাধ্য হোৱা ৰিংকু ২০২০ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা সামাজিক মাধ্যমৰ জৰিয়তে গাড়ী চালনাৰ প্ৰশিক্ষণ দিয়াৰ আগ্ৰহ প্ৰকাশ কৰে। ৰিংকুৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বৰ্তমানলৈকে প্ৰায় ২২গৰাকী যুৱতী তথা মহিলাই ৰিংকুৰ ওচৰত গ্ৰহণ কৰিছে গাড়ীচালনাৰ প্ৰশিক্ষণ।
কেইবাগৰাকী যুৱককো ৰিংকুয়ে প্ৰদান কৰিছে গাড়ী চালনাৰ প্ৰশিক্ষণ। ইয়াৰ জৰিয়তে ৰিংকুয়ে নিজেও আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ লগতে গাড়ী চলোৱাৰ হাবিয়াস থকা বহু মহিলাকো গাড়ী চালনাৰ প্ৰশিক্ষণ দিছে। ভৱিষ্যতে গুৱাহাটীটো সপ্তাহত দুদিনৰ বাবে মহিলাক গাড়ী চালনাৰ প্ৰশিক্ষণ দিয়াৰ কথা প্ৰকাশ কৰিছে ৰিংকুয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|