সময় তেতিয়া আবেলি ৪ বাজিছিল! মাতৃ লিপি হাজৰিকাৰ সৈতে বজাৰ কৰিবলৈ ওলাই গৈছিল অনুপমা হাজৰিকা নামৰ এগৰাকী কিশোৰী। কিন্তু সেই সময়তে বিপৰীত দিশৰ পৰা বাইকত অহা দুই যুৱকে মাতৃৰ ডিঙিৰ পৰা কাঢ়ি নিছিল সোণৰ চেইন। মাতৃৰ ডিঙিৰ চেইন কাঢ়ি নিয়া দুই যুৱকক লগে লগে খেদি গ'ল অনুপমা হাজৰিকা নামৰ কিশোৰী গৰাকী। খেদি খেদি স্থানীয় ৰাইজৰ সহযোগত আটক কৰিলে আব্দুল কৰিম নামৰ এটা চিলনী চোৰক। উদ্ধাৰ কৰিলে কাঢ়ি নিয়া চেইন। পিছত ৰাজপথতে লপা থপা দি আৰক্ষীক গতাই দিলে চিলনী চোৰটোক।
ঘটনাটো নগাঁও চহৰৰ হয়বৰগাঁৱৰ। হয়বৰগাঁৱৰ এইচ ডি এফ চি বেংকৰ পৰা গোল্ড লোণ লৈ ঘৰলৈ উভতা লিলিমাই বৰ্মণ নামৰ মহিলাগৰাকীৰ পৰা নগদ ১ লাখ ৭০ হাজাৰ টকা লুটি নিছিল এই দুই চিলনী চোৰে। ইয়াৰ পিছতে হয়বৰগাঁও উৰণীয়া সেতুৰ ওচৰত মাতৃ-কন্যাৰ পৰা পুনৰ চেইন টানি পলোৱাৰ অপচেষ্টা কৰোতেই সাহসী কিশোৰী অনুপমা হাজৰিকাৰ তৎপৰতাত ধৰা পৰে আব্দুল কৰিম নামৰ চিলনী চোৰটো।
অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে আব্দুল কৰিমৰ সহযোগী আনটো চিলনী চোৰক বিচাৰি পোৱা নাই। এতিয়াও উদ্ধাৰ হোৱা নাই লিলিমাই বৰ্মন নামৰ মহিলা গৰাকীয়ে নিজৰ সোণৰ গহণা বন্ধকত দি বেংকৰ পৰা ঋণ হিচাপে পোৱা নগদ ১ লাখ ৭০হাজাৰ টকা। কিন্তু আৰক্ষীয়ে ধৰিব নোৱাৰা চিলনী চোৰক ধৰি বীৰত্ব প্ৰদৰ্শন কৰা নগাঁৱৰ জীয়ৰী অনুপমা হাজৰিকা নামৰ কিশোৰী গৰাকীৰ সাহসিকতাক সকলোৱে একেমুখে প্ৰশংসা কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|