• Home
  • »
  • News
  • »
  • assam
  • »
  • জাতিৰ পিতাক চূড়ান্ত অপমান ৰ'টাৰী ক্লাৱৰ, নগাঁৱত গান্ধী জয়ন্তীৰ নামত DJ বজাই উদ্দাম নৃত্য

জাতিৰ পিতাক চূড়ান্ত অপমান ৰ'টাৰী ক্লাৱৰ, নগাঁৱত গান্ধী জয়ন্তীৰ নামত DJ বজাই উদ্দাম নৃত্য

নগাঁৱৰ হয়বৰগাঁৱত ৰ'টাৰী ক্লাৱৰ কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া

নগাঁৱৰ হয়বৰগাঁৱত ৰ'টাৰী ক্লাৱৰ কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া

নগাঁৱৰ হয়বৰগাঁৱত ৰ'টাৰী ক্লাৱৰ কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া

  • Share this:
গান্ধীজয়ন্তীৰ পুৱাই নগাঁৱত মহামানৱ মহাত্মা গান্ধীক চুড়ান্ত অপমান কৰিলে ৰ'টাৰী ক্লাৱ নামৰ সংস্থাটোৰ। গান্ধীজয়ন্তী উপলক্ষে ৰ'টাৰী ক্লাৱ নামৰ সংস্থাটোৱে পুৱাই ড্ৰাগছবিৰোধী মাৰাথানৰ আয়োজন কৰিছিল।

উৰিয়াগাঁৱৰ পৰা নগাঁৱৰ খুটিকটীয়ালৈকে আয়োজিত এই মাৰাথানৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰিছিল নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। পিছে এই কাৰ্যসূচীৰ অন্তত অতি দৃষ্টিকটূভাৱে নগাঁৱৰ লক্ষীনগৰ চাৰিআলিত DJৰ আয়োজন কৰি উদ্দাম নৃত্য প্ৰদৰ্শন কৰে ৰ'টাৰী ক্লাৱৰ সদস্যসকলে।

আনকি ৰাষ্ট্ৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ফটোখনি এদাল বাঁহত ওলোমাই তাৰ কাষত DJৰ তালে তালে উদ্দাম নৃত্য প্ৰদৰ্শন কৰিলে ৰ'টাৰী ক্লাৱৰ কৰ্মকৰ্তা সকলে। আশ্বৰ্য্যজনক ভাৱে, এই কাৰ্যসূচীত উপস্থিত থাকে কেইবাগৰাকীও ৰাজপত্ৰিত বিষয়াও। জাতিৰ পিতা মহাত্মা গান্ধীৰ নামত আয়োজিত এই কাৰ্যসূচীত DJ আৰু উদ্দাম নৃত্যৰ অনুমতি জিলা প্ৰশাসনে কেনেদৰে দিলে তাক লৈয়ো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Published by:Himangshu Bhuyan
First published: