உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নগাঁও চহৰৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিলে কলং নৈৰ বানে, বন্ধ হ'ল হয়বৰগাঁও-বেবেজীয়া সংযোগী পথ

    নগাঁও চহৰৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিলে কলং নৈৰ বানে, বন্ধ হ'ল হয়বৰগাঁও-বেবেজীয়া সংযোগী পথ

    বানপানীয়ে ডুবালে নেহেৰুবালিৰ হনুমান মেলা।

    বানপানীয়ে ডুবালে নেহেৰুবালিৰ হনুমান মেলা।

    বানপানীয়ে ডুবালে নেহেৰুবালিৰ হনুমান মেলা।

    • Share this:
    কলং নৈৰ বাঢ়নি পানীয়ে নগাঁও চহৰৰ বহু অঞ্চলত প্ৰৱেশ কৰাত বৰ্তমান চহৰখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ২০১৭ চনত কলিয়াবৰৰ হাতীমূৰা বান্ধ ছিঙাৰ সময়ত নগাঁও চহৰত বানপানী হোৱাৰ আশংকাৰ ৰাইজ ভীতিগ্ৰস্ত হৈছিল যদিও সেইবাৰ নগাঁও চহৰবাসী কলঙৰ বানৰ পৰা ৰক্ষা পৰিছিল।

    কিন্তু এইবাৰ কলং নৈৰ বাঢ়নি পানীয়ে চহৰখনৰ ১৯নং ৱাৰ্ডৰ কেইবাটাও ঘৰ প্লাৱিত কৰিছে। পৰিয়াল কেইটাই পথৰ কাষতে আশ্ৰয় ল'ব লগা হোৱাৰ বাবে বন্ধ কৰা হৈছে বেবেজীয়া-হয়বৰগাঁও সংযোগী পথ। একেদৰে কলং নৈৰ বাঢ়নি পানীয়ে নগাঁৱৰ নেহেৰুবালি বুৰাই পেলোৱাৰ ফলত বন্ধ কৰা হৈছে হনুমান মেলা।

    শুকুৰবাৰৰ পৰা নেহেৰুবালিত আৰম্ভ হৈছিল হনুমান মেলা। কিন্তু শুকুৰবাৰে পুৱাৰ পৰা কলঙৰ বাঢ়নি পানীয়ে সমগ্ৰ নেহেৰুবালি বুৰাই পেলোৱাৰ ফলত বন্ধ কৰিব লগা হৈছে হনুমান মেলা। একেদৰে চহৰখনৰ শিয়ালমাৰী, মধুপুৰ আদি অঞ্চলটো কলঙৰ বাঢ়নি পানীয়ে প্ৰৱেশ কৰিছে। বৰ্তমানেও কলং নৈৰ জলপৃষ্ঠ বৃদ্ধি পায় থকাৰ ফলত চহৰখনৰ ৰাইজৰ মাজত তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি হৈছে।
    Published by:Himangshu Bhuyan
    First published: