• Home
  • »
  • News
  • »
  • assam
  • »
  • হে ভগৱান! নগাঁৱৰ এটা পৰিয়ালে লাভ কৰিলে এমাহত ৭৭ লাখ টকাৰ বিদ্যুত্‍ৰ বিল

হে ভগৱান! নগাঁৱৰ এটা পৰিয়ালে লাভ কৰিলে এমাহত ৭৭ লাখ টকাৰ বিদ্যুত্‍ৰ বিল

বিদ্যুত্‍ৰ মাহেকীয়া বিলক লৈ চৰম অস্বস্তিত পৰিছে নগাঁৱৰ এটা পৰিয়াল

বিদ্যুত্‍ৰ মাহেকীয়া বিলক লৈ চৰম অস্বস্তিত পৰিছে নগাঁৱৰ এটা পৰিয়াল

বিদ্যুত্‍ৰ মাহেকীয়া বিলক লৈ চৰম অস্বস্তিত পৰিছে নগাঁৱৰ এটা পৰিয়াল

  • Share this:
বিদ্যুত্‍ৰ মাহেকীয়া বিলক লৈ চৰম অস্বস্তিত পৰিছে নগাঁৱৰ এটা পৰিয়াল। নগাঁও চহৰৰ লক্ষীনগৰৰ অভিজিৎ শইকীয়া নামৰ ব্যক্তিগৰাকীলৈ বিদ্যুৎ বিভাগে ভুলকৈ প্ৰস্তুত কৰা এখন বিল প্ৰেৰণ কৰিছিল। বিভাগটোৱে প্ৰদান কৰা বিলত ৫০৯ইউনিটৰ বিপৰীতে ৩০০০টকা আদায় দিয়াৰ নিৰ্দেশ দিছিল। কিন্তু শইকীয়াৰ ঘৰৰ মিটাৰত থকা অনুসৰি সেইমাহত মাত্ৰ ১০৭ইউনিটহে হৈছিল। সেয়েহে শইকীয়াই শক্তি বিভাগৰ উত্তৰ হয়বৰগাঁৱৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰে।

পিছত যেতিয়া শুদ্ধকৈ আকৌ অভিজিৎ শইকীয়াৰ ঘৰলৈ বিল আহে, বিল দেখি হতবাক হৈ পৰে পৰিয়ালটো! কাৰণ নতুন বিল অনুসৰি শক্তি বিভাগে ৯৯৯৯৯ ইউনিটৰ বিপৰীতে এমাহত ৭৭লাখ ২০ হাজাৰ ৭৭৫টকা আদায় দিয়াৰ নিৰ্দেশ দিয়ে শইকীয়াক। এই বিল পোৱাৰ পিছতেই শক্তি বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠে অভিজিৎ শইকীয়া। পূৰ্বৰ ৩০০০টকাৰ ভুল বিল শুদ্ধ কৰিবলৈ গৈ ৭৭লাখ টকাৰ বিল লাভ কৰাৰ পিছত স্বাভাৱিকতেই হতভম্ব হৈ পৰে গ্ৰাহকজন। 

একেদৰে চামগুৰি শক্তি বিভাগেও যথেষ্ট লোকক ভুলকৈ উচ্চহাৰত বিল প্ৰদান কৰি হাৰাশাস্তি কৰিছে। যোৱা ৪মাহে পুৰণিগুদাম বৰপানীগাঁৱৰ মৃত চন্দ্ৰকমল বৰাৰ নামত থকা বিদ্যুৎ সংযোগৰ বিপৰীতে বিল নহাৰ অভিযোগ দিছিল তেঁওৰ পত্নী বিনু বৰাই। সেই অভিযোগৰ পিছতেই চামগুৰি শক্তি বিভাগৰ তৰফৰ পৰা সম্পূৰ্ণ বিসংগতিপূৰ্ণ ভাৱে ১৬হাজাৰ টকাৰ বিল প্ৰেৰণ কৰে।

একেদৰেই নগাঁৱৰ পানীগাঁও চাৰিআলিৰ প্ৰৱাল শৰ্মা নামৰ ব্যক্তিগৰাকীকো বিদ্যুৎ বিভাগে এমাহৰ বিলৰ বাবদ ১লাখ ৬৭হাজাৰ টকাৰ বিল আদায় দিয়াৰ নিৰ্দেশ দিছে। এইদৰেই বিভাগটোৰ কৰ্মচাৰী সকলৰ অৰ্কমণ্যতা আৰু নাভূত-নাশ্ৰুত কাণ্ডই বাৰুকৈয়ে জ্বলা কলা খুৱাইছে ৰাইজক।

 
First published: