সহজ ধন ঘটিবলৈ ৰূপ লৈছিল কিন্নৰৰ, চলাইছিল দেহ ব্যৱসায়, ৰাইজে ধৰি কৰিলে প্ৰহাৰ, গটাই দিলে আৰক্ষীক

News18 Assam | News18-Assam
Updated:October 18, 2020, 9:50 PM IST
সহজ ধন ঘটিবলৈ ৰূপ লৈছিল কিন্নৰৰ, চলাইছিল দেহ ব্যৱসায়, ৰাইজে ধৰি কৰিলে প্ৰহাৰ, গটাই দিলে আৰক্ষীক
 ভুৱা কিন্নৰে চলাইছিল দেহ ব্যৱসায়।

 ভুৱা কিন্নৰে চলাইছিল দেহ ব্যৱসায়।

  • Share this:
সহজে ধন ঘটাৰ আশাত কিন্নৰৰ ৰূপ লৈ চহৰৰ অলিয়ে-গলিয়ে ধন সংগ্ৰহ কৰা ভুৱা কিন্নৰৰ ঘাটি উৎখাত কৰিলে নগাঁৱৰ ৰাইজে। নগাঁও চহৰৰ দাতিকাষৰীয়া মৰঙিয়াল গাঁৱত ঘৰ ভাড়া লৈ এই কু-কাৰ্য চলাই যোৱা কিন্নৰৰ দলক আটক কৰি উত্তম মাধ্যম সোধাই আৰক্ষীক গটাই দিলে ৰাইজে। মৰঙিয়াল গাঁৱৰ চালেহ নামৰ এগৰাকী অধিবক্তাৰ ঘৰত ভাড়া লৈ কেইজনমান যুৱকে চলাই গৈছিল এই কু-কাৰ্য। স্থানীয় ৰাইজে এই সন্দৰ্ভত পূৰ্বেও ঘৰটোৰ মালিক তথা অধিবক্তাগৰাকীক অভিযোগ  দিছিল।

 ভুৱা কিন্নৰে চলাইছিল দেহ ব্যৱসায়:

ভুৱা কিন্নৰৰ দলটোৱে মৰঙিয়াল গাঁৱৰ ভাড়াঘৰত চলাইছিল দেহ ব্যৱসায়। কিন্নৰৰ দলটোৱে নিশা প্ৰায়ে বহু যুৱতীক আনিছিল সেই বিশেষ ঘৰটোলৈ। ইয়াৰ উপৰিও মদ, জুৱাৰো অবাধ আড্ডাও চলাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যে নগাঁও আৰক্ষীয়ে কিন্নৰৰূপী যুৱকৰ দলটোক আটক কৰি সোধা পোচা অব্যাহত ৰাখিছে।
Published by: Himangshu Bhuyan
First published: October 18, 2020, 9:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading