‘‘সত্যৰ সদায় জয়। মই ন্যায় লাভ কৰিছো। মোক ভুল এনকাউণ্টাৰ কৰা হৈছিল। মুখ্যমন্ত্ৰী আৰু পৱন বৰঠাকুৰক ধন্যবাদ জনাইছো।’’ – এই মন্তব্য নগাঁও এনকাউণ্টাৰ ভুক্তভোগী কীৰ্তি কমল বৰাৰ।
উল্লেখযোগ্য যে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰা এণ্টি নাৰ্ক'টিক স্কোৱাড ভংগৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক এই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী শৰ্মাই। কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ তদন্ত কমিটীৰ প্ৰতিবেদন দাখিলৰ পিছতে এই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পৰা এটা কথাই স্পষ্ট হয় যে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰত নগাঁও আৰক্ষীৰ ভুল আছিল।
মুখ্যমন্ত্ৰীয়ে এণ্টি নাৰ্ক'টিক স্কোৱাড ভংগৰ নিৰ্দেশ দিয়াৰ লগতে ঘটনাৰ মূল অভিযুক্ত আৰক্ষী বিষয়া, সশস্ত্র শাখাৰ উপ-পৰিদৰ্শক প্রদীপ বণিয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে নগাঁৱৰ আৰক্ষী অধীক্ষক আৰু সশস্ত্ৰ শাখাৰ উপ-পৰিদৰ্শক প্রদীপ বণিয়াৰ বাহিৰে এণ্টি নাৰ্ক'টিক স্কোৱাডৰ সকলো সদস্যক তাৎক্ষণিকভাৱে নগাঁও জিলাৰ বাহিৰলৈ বদলি কৰিবলৈ গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰা নির্দেশত কোৱা হৈছে ।
কচলুখোৱা তিনিআলিত ঘোৱা ২২ জানুৱাৰীত হোৱা আৰক্ষীৰ গুলীচালনাৰ ঘটনাৰ সম্পৰ্কত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ নেতৃত্বত তদন্ত কমিটী গঠন কৰিছিল ৰাজ্য চৰকাৰে। এই তদন্ত কমিটীয়ে দাখিল কৰা প্রতিবেদনৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানলৈ এই গুলীচালনাৰ ঘটনা সন্দৰ্ভত এলানি ব্যবস্থা গ্রহণৰ বাবে নির্দেশ জাৰি কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 09, 2022, 12:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।