অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শমাৰ্ৰ নেতৃত্বত ১০ মে’ ২০২১ তাৰিখৰ পৰা বৰ্তমানলৈকে ৰাজ্যখনত মাৰাত্মক বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে চলি আছে অভিযান।
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শমাৰ্ৰ নেতৃত্বত ১০ মে’ ২০২১ তাৰিখৰ পৰা বৰ্তমানলৈকে ৰাজ্যখনত মাৰাত্মক বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে চলি আছে অভিযান।
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শমাৰ্ৰ নেতৃত্বত ১০ মে’ ২০২১ তাৰিখৰ পৰা বৰ্তমানলৈকে ৰাজ্যখনত মাৰাত্মক বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে চলি আছে অভিযান। ইয়াৰ বাবে মুখ্যমন্ত্ৰীক সংবাদমেল যোগে ধন্যবাদ জনাই প্ৰদেশ বিজেপিয়ে।
হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাযাৰ্লয় অটল বিহাৰী বাজপেয়ী ভৱনত এখন সংবাদ মেল সম্বোধন কৰি দলৰ মুখপাত্ৰদ্বয় সুভাষ দত্ত আৰু ৰঞ্জীৱ কুমাৰ শমাৰ্ই কয়, শনিবাৰে নগাঁৱত সংঘটিত হোৱা ঘটনাটোৰ উচ্ছ পযাৰ্য়ৰ তদন্ত ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো ৷ মুখপাত্ৰদ্বয়ে লগতে কয়, 'এই ঘটনাৰ আলম লৈ একাংশ ৰাজনৈতিক ব্যক্তি বিশেষকৈ বিধায়ক অখিল গগৈয়ে কেতবোৰ মনেসজা ভিত্তিহীন আৰু উদ্দেশ্যপ্ৰণোদিত বক্তব্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শমাৰ্ক লক্ষ্য কৰি সমালোচনাৰ নামত বিশেষকৈ ড্ৰাগছ মাফিয়া, চোৰাং কাৰবাৰী, গাঞ্জা আৰু আফিং খেতি কৰা মাফিয়াক সুৰক্ষা দিয়াৰ অপচেষ্টাত লিপ্ত হৈছে৷ অখিল গগৈৰ বক্তব্যত এই সুৰ স্পষ্ট। কাৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শমাৰ্ৰ বলিষ্ঠ নেতৃত্বত ১০ মে’ ২০২১ তাৰিখৰ পৰা ১৬ জানুৱাৰী ২০২২ তাৰিখলৈকে এন ডি পি এছ NDPত্ৰ এ“ত সৰ্বমুঠ ১৯৮৫টা গোচৰ পঞ্জীভূত হোৱাৰ লগতে ৩৩৮৫জন ব্যক্তি গ্ৰেপ্তাৰ হৈছে ৷'
সংবাদমেল খনত মুখপাত্ৰদ্বয়ে ইয়াৰ লগতে কয়, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসমে স্থায়ী শান্তি প্ৰতিষ্ঠাৰ দিশত আগুৱাই যাবলৈ সক্ষম হৈছে৷ বিশেষকৈ দীৰ্ঘদিন জুৰি বিদ্ৰোহী কাৰ্যকলাপে অসমত বিশেষকৈ ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত বন্ধ দি অহা আলফা [স্বাধীন] এইবাৰ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই ক’ভিড পৰিস্থিতিৰ প্ৰতি বন্ধৰ আহ্বান জনোৱা নাই। এয়া শুভ লক্ষণ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|