আৰম্ভ হ'ল কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ শুণানি
আৰম্ভ হ'ল কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ শুণানি
নগাঁও আৱৰ্ত ভৱনত আজিৰে পৰা আৰম্ভ হৈছে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ শুনানি প্ৰক্ৰিয়া। নগাঁও আৱৰ্ত ভৱনত আজি পুৱাৰে পৰা অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত অহা তদন্তকাৰী সমিতিয়ে নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ অভিযুক্ত বিষয়া প্ৰদীপ বণিয়াৰ লগতে জোৱানসকলক জেৰা চলায়। তদন্তকাৰী দলটোৱে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস, নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰো সাক্ষ্য গ্ৰহণ কৰে। তদন্তকাৰী দলটোৱে ২২ জানুৱাৰীত এণ্টি নাৰ্কটিক স্কোৱাডে ড্ৰাগছ ব্যৱসায়ত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা জাকিৰ হুছেইনকো জেৰা চলায়।
উল্লেখযোগ্য যে, জাকিৰ হুছেইনক প্ৰহাৰ কৰি থকা অৱস্থাতেই কীৰ্তিকমল বৰাই এণ্টি নাৰ্কটিক স্কোৱাডৰ জোৱানৰ মুখামুখি হৈছিল আৰু তাৰ পিছতেই এই এনকাউণ্টাৰৰ ঘটনাৰ সূত্ৰপাত হৈছিল। তদন্তকাৰী দলটোৱে কীৰ্তিকমল বৰাৰ পৰিয়ালৰ লগতে প্ৰত্যক্ষদৰ্শীৰো সাক্ষ্য গ্ৰহণ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|