মুখ্যপৃষ্ঠা »খবৰ »অসম »Nagaon Encounter Case : কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ, ২৮ জানুৱাৰীত নগাঁও আৱৰ্ত ভৱনত প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰিব তদন্ত কমিটীয়ে

Nagaon Encounter Case : কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ, ২৮ জানুৱাৰীত নগাঁও আৱৰ্ত ভৱনত প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰিব তদন্ত কমিটীয়ে

ইতিমধ্যে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰত জড়িত এণ্টি নাৰ্কটিক স্কোৱাডৰ উপ-পৰিদৰ্শক প্ৰদীপ বণিয়াৰ লগতে আটাইকেইজন জোৱানকে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে।

  • Share this:
যোৱা ২২ জানুৱাৰীত নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডে ছাত্ৰনেতা কীৰ্তিকমল বৰাক (Kirti Kamal Borah) কৰা এনকাউণ্টাৰ (Nagaon Encounter) সন্দৰ্ভত তদন্ত কৰিবলৈ নগাঁও আৱৰ্ত ভৱনত ২৮ জানুৱাৰীৰ উপস্থিত হ'ব ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ। উল্লেখযোগ্য যে, ছাত্ৰনেতা কীৰ্তিকমল বৰাক এণ্টি নাৰ্কটিক স্কোৱাডৰ বিষয়া প্ৰদীপ বণিয়াই এনকাউণ্টাৰ কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে। বিৰোধী ৰাজনৈতিক দল তথা জাতীয়তাবাদী দল-সংগঠনে নগাঁৱৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ স্যবস্ত কৰাৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক ঘটনাৰ উচিত তদন্ত কৰাৰ বাবে নিৰ্দেশ দিছিল।

ইতিমধ্যে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰত জড়িত এণ্টি নাৰ্কটিক স্কোৱাডৰ উপ-পৰিদৰ্শক প্ৰদীপ বণিয়াৰ লগতে আটাইকেইজন জোৱানকে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে। অহা ২৮ জানুৱাৰীত তদন্ত কমিটীয়ে বিয়লি ২ বজাৰ পৰা ৪ বজালৈ প্ৰথম শুনানি গ্ৰহণ কৰিব। নগাঁও জিলা উপায়ুক্ত নিসৰ্ভ হিভৰেই ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী সকলক শুনানিত অংশগ্ৰহণ কৰি সাক্ষ্য প্ৰদানৰ বাবে অনুৰোধ জনাইছে। গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমল বৰা বৰ্তমানেও গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থান আছে।

শেহতীয়া বাতৰি