নগাঁৱত যুৱ কংগ্ৰেছৰ প্ৰতিবাদী সমদলত অংকিতা দত্ত
Nagaon Encounter: কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ প্ৰতিবাদত অংকিতা দত্তৰ নেতৃত্বত আজি নগাঁও জিলা যুৱ কংগ্ৰেছে নগাঁৱৰ ৰাজপথত প্ৰতিবাদী সমদল উলিয়ায়।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক 'কংস মামা' আখ্যা দিলে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত (Angkita Dutta, Youth Congress President)ই। আজি নগাঁৱত এটা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি যুৱ কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে বৰ্তমানৰ চৰকাৰ তথা নগাঁও আৰক্ষী (Nagaon Police)ক তীব্ৰ সমালোচনা কৰে।
কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়, "নিৰ্বাচনৰ পূৰ্বে বুলেট (Bullet) দিম বুলি প্ৰতিশ্ৰুতি দিয়া কংস মামাই এতিয়া বুলেট আঁঠুৰ তলতহে দিছে। ৰাজ্যত এতিয়া উত্তৰ প্ৰদেশৰ দৰে গুণ্ডাৰাজ চলিছে।"
উল্লেখযোগ্য যে অংকিতা দত্তৰ নেতৃত্বত আজি নগাঁও জিলা যুৱ কংগ্ৰেছে নগাঁৱৰ ৰাজপথত প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদী সমদলত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকাৰ লগতে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদায়ো অংশগ্ৰহণ কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|