নগাঁও প্ৰেছ ক্লাৱত আজি নগাঁৱৰ বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমত কৰ্মৰত সাংবাদিক সকলক লৈ আয়োজিত এক গুৰুত্বপূৰ্ণ সভাত নগাঁও ডিজিটেল এণ্ড ইলেকট্ৰনিক মিডিয়া এছ'ছিয়েচন চমুকৈ NEDMA নামৰ এটা সংগঠনৰ গঠন কৰা হয়।
জ্যেষ্ঠ সাংবাদিক তপন কুমাৰ বৰাক সভাপতি আৰু নীলোৎপল বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা ৪১জনীয়া সমিতিখনত জ্যেষ্ঠ সাংবাদিক পলাশ প্ৰতিম হাজৰিকা, শৈলেন শইকীয়া আৰু জিতেন বৰকটকীক উপদেষ্টাৰ দায়িত্ব অৰ্পণ কৰা হয়। অজিত কুমাৰ শইকীয়া, ৰকিবুল ৱাহিদ, চন্দনজ্যোতি বৰা আৰু লক্ষ্যজ্যোতি বৰাক উপ-সভাপতি, শ্যামেন্দ্ৰ বৈৰাগী আৰু কৃষ্ণ শইকীয়াক সহকাৰী সাধাৰণ সম্পাদক, থমাছ ভূঁঞাক সাংগঠনিক সম্পাদক, বিজু গোঁহাই আৰু ভাস্কৰজ্যোতি বৰাক কোষাধ্যক্ষ, ভাস্কৰ শইকীয়া আৰু নিৰঞ্জন শইকীয়াক আলোচনী সম্পাদক, গুণীণ দাসক আলোচনী সম্পাদক আৰু শোণিত কুমাৰ বৰাক কাৰ্যালয় সম্পাদকৰ দায়িত্ব অৰ্পন কৰা হয়।
কাৰ্যকৰী সদস্য হিচাপে ৰিবলু কাঠ হাজৰিকা, হিংমাশু বৰা, হেমন্ত দাস, লক্ষ্যজোতি বৰা, বিকি দাস, গোপাল ৰয়, ৰাজ দাস, ৰঞ্জিত শৰ্মা, ৰ'জ ভূঁঞা, জেহিৰুল ইছলাম, আছিৰুল হক আৰু জাকিৰ হুছেইনক কাৰ্যকৰী সদস্য হিচাপে দায়িত্ব অৰ্পন কৰা হয়। শীঘ্ৰেই নগাঁও জিলাৰ বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমত কৰ্মৰত সাংবাদিক সকলক লৈ শীঘ্ৰেই নগাঁৱত এখন অভিৱৰ্তন অনুস্থিত কৰাৰ বাবেও আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : June 10, 2022, 23:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|