বানে বিপৰ্যস্ত কৰা নগাঁওবাসীক সহায়ৰ বাবে আগবাঢ়ি আহিছে নগাঁৱৰ টেলিভিছন আৰু ডিজিটেল মাধ্যমৰ সাংবাদিকৰ সংগঠন নগাঁও ইলেকট্ৰনিক এণ্ড ডিজিটেল মিডিয়া এছ'চিয়েছন চমুকৈ নেডমাই।
বানে বিপৰ্যস্ত কৰা নগাঁওবাসীক সহায়ৰ বাবে আগবাঢ়ি আহিছে নগাঁৱৰ টেলিভিছন আৰু ডিজিটেল মাধ্যমৰ সাংবাদিকৰ সংগঠন নগাঁও ইলেকট্ৰনিক এণ্ড ডিজিটেল মিডিয়া এছ'চিয়েছন চমুকৈ নেডমাই।
নগাঁও জিলাৰ চৌদিশে জলপ্ৰলয়। কপিলী, কলং, নিশাৰী, ননৈ আৰু বৰপানী নৈৰ বাঢ়নি পানীয়ে জিলাখনৰ কামপুৰ, বৰকোলা, দক্ষিণপাট, চাপৰমুখ, ৰহা, ননৈ, বাদলগাঁও আদি অঞ্চলৰ লগতে নগাঁও চহৰৰো বিস্তীৰ্ণ অঞ্চলৰ ব্যাপক ক্ষতিসাধন কৰিছে।
বানে বিপৰ্যস্ত কৰা নগাঁওবাসীক সহায়ৰ বাবে আগবাঢ়ি আহিছে নগাঁৱৰ টেলিভিছন আৰু ডিজিটেল মাধ্যমৰ সাংবাদিকৰ সংগঠন নগাঁও ইলেকট্ৰনিক এণ্ড ডিজিটেল মিডিয়া এছ'চিয়েছন চমুকৈ নেডমাই। সংগঠনটোৰ উদ্যোগত সাংবাদিক সকলে নগাঁও জিলাৰ বানপীড়িত অঞ্চলৰ ৰাইজক খাদ্য সামগ্ৰীৰ লগতে মমবাটি, মহ খেদোৱা ধূপ, ডেটল, গাধোৱা চাবোন আৰু খোৱাপানীৰ বটলৰ যোগান ধৰিছে। সাংবাদিক সকলে বানাক্ৰান্তৰ দুৰ্যোগৰ বাতৰি পৰিৱেশনৰ লগতে তেঁওলোকলৈ বানসাহায্য আগবঢ়াই মানৱীয়তাৰ পৰিচয় দাঙি ধৰিছে। ২১জুনৰ পৰা ২৩জুনলৈকে সংগঠনটোৰ উদ্যোগত বিভিন্ন চেটেলাইট টেলিভিছন চেনেল আৰু ডিজিটেল মাধ্যমৰ সাংবাদিক সকলে খাদ্য সামগ্ৰীৰ উপৰিও আশ্ৰয় শিবিৰ সমূহত ৭৮০লিটাৰ খোৱাপানীৰো যোগান ধৰিছে। সাংবাদিকসকলে বিভিন্ন দুৰ্গম অঞ্চলৰ ৰাইজক বানসাহায্য প্ৰদান কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ স্বাস্থ্য পৰীক্ষাৰ বাবে শীঘ্ৰে বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজনৰো সিদ্ধান্ত লৈছে বুলি নেডমাৰ সভাপতি তপন কুমাৰ বৰাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|