মুখ্যপৃষ্ঠা »খবৰ »অসম »Nagaon News : টকাৰ বেগ হাততে পায়ো ঘূৰাই দিলে ই–ৰিক্সা চালকে, নগাঁৱত সততা আৰু সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে সুশান্ত আৰু জানমণিয়ে

Nagaon News : টকাৰ বেগ হাততে পায়ো ঘূৰাই দিলে ই–ৰিক্সা চালকে, নগাঁৱত সততা আৰু সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে সুশান্ত আৰু জানমণিয়ে

হেৰোৱা ধন আৰু গুৰুত্বপূৰ্ণ নথি পত্ৰ ঘূৰাই পায় সুশান্ত আৰু জান শইকীয়াৰ প্ৰতি কৃতজ্ঞ হৈ পৰে আব্দুল নুৰ।

হেৰোৱা ধন আৰু গুৰুত্বপূৰ্ণ নথি পত্ৰ ঘূৰাই পায় সুশান্ত আৰু জান শইকীয়াৰ প্ৰতি কৃতজ্ঞ হৈ পৰে আব্দুল নুৰ।

হেৰোৱা ধন আৰু গুৰুত্বপূৰ্ণ নথি পত্ৰ ঘূৰাই পায় সুশান্ত আৰু জান শইকীয়াৰ প্ৰতি কৃতজ্ঞ হৈ পৰে আব্দুল নুৰ।

  • Share this:
নগাঁৱত সততাৰ লগতে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে সুশান্ত শ্বাহ নামৰ এগৰাকী ই-ৰিক্সা চালকে। শুকুৰবাৰে আব্দুল নুৰ নামৰ এগৰাকী ব্যক্তিয়ে বেংকৰ পৰা ধন উলিয়াই সুশান্তৰ ৰিক্সাত যাত্ৰা কৰিছিল। পিছে ভুলবশতঃ আব্দুল নুৰে টকাৰ বেগটো ই-ৰিক্সাতে এৰি থৈ যায়। ইয়াৰ পিছতে নিজৰ কষ্টৰ ধন আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰ হেৰুৱাই চিন্তিত হৈ পৰে আব্দুল নুৰ। কিন্তু নিজৰ ৰিক্সাত টকাভৰ্তি বেগ পাই শিক্ষকগৰাকীক সেই বেগ ঘূৰাই দিবলৈ উদগ্ৰীৱ হৈ পৰে সুশান্ত।

সুশান্তই ই-ৰিক্সাৰ মালিক জান শইকীয়াক এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে। জান শইকীয়াই বেগত থকা পৰিচয় পত্ৰত আব্দুল নুৰৰ ঠিকনা লাভ কৰি তেঁওৰ ঘৰত উপস্থিত হৈ টকা ভৰ্তি বেগ ঘূৰাই দিয়ে।

হেৰোৱা ধন আৰু গুৰুত্বপূৰ্ণ নথি পত্ৰ ঘূৰাই পায় সুশান্ত আৰু জান শইকীয়াৰ প্ৰতি কৃতজ্ঞ হৈ পৰে আব্দুল নুৰ। আব্দুল নুৰৰ লগতে নগাঁৱৰ ৰাইজে সুশান্ত শ্বাহ আৰু জান শইকীয়াৰ সততাক প্ৰশংসাৰে উপচাই পেলাইছে। ঠগ-প্ৰৱঞ্চনাই সমাজ জীৱনক কলুষিত কৰাৰ সময়তে সুশান্তৰ এই কাৰ্যই পুনৰ প্ৰমাণ কৰিলে যে সততা এতিয়াও আমাৰ সমাজত জীয়াই আছে।

শেহতীয়া বাতৰি