অতি জাগ্ৰত হিচাপে খ্যাত পুৰণিগুদামৰ কাঠৰ প্ৰতিমাৰ দৰ্শনৰ পৰা বিমুখ হোৱা ভক্তসকল যোৱাবাৰ পূজাত বাৰুকৈয়ে নিৰাশ হৈছিল।
অতি জাগ্ৰত হিচাপে খ্যাত পুৰণিগুদামৰ কাঠৰ প্ৰতিমাৰ দৰ্শনৰ পৰা বিমুখ হোৱা ভক্তসকল যোৱাবাৰ পূজাত বাৰুকৈয়ে নিৰাশ হৈছিল।
কোভিডৰ বাবে বিগত ২০২০ বৰ্ষত পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত কাঠৰ প্ৰতিমাৰ দুৰ্গোৎসৱ অনুষ্ঠিত হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে নৱপত্ৰিকাৰেই দেৱী দুৰ্গাৰ পূজাৰ আয়োজন কৰিছিল পুৰণিগুদামৰ শাৰদীয় দুৰ্গোৎসৱ কমিটীয়ে। অতি জাগ্ৰত হিচাপে খ্যাত পুৰণিগুদামৰ কাঠৰ প্ৰতিমাৰ দৰ্শনৰ পৰা বিমুখ হোৱা ভক্তসকল যোৱাবাৰ পূজাত বাৰুকৈয়ে নিৰাশ হৈছিল। কিন্তু এইবাৰ পুনৰ ন-ৰূপত সজাই-পৰাই তোলা হৈছে ১৯০১ চনতে প্ৰয়াত লেশধৰ শৰ্মা তথা লেৰেলা খনিকৰে সৃষ্টি কৰা পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত কাঠৰ প্ৰতিমাক।
দুটা বছৰৰ অন্তত পুৰণিগুদামত পুনৰ শতবৰ্ষ গৰকা মা দুৰ্গাৰ কাঠৰ প্ৰতিমাই প্ৰাণ পাই উঠিব। ইতিমধ্যে লেৰেলা খনিকৰ তথা লেশধৰ শৰ্মাৰ পৰিয়ালে প্ৰতিমা ভাগক ন-ৰূপত সজাই-পৰাই তোলাৰ বাবে ব্যস্ত হৈ পৰিছে। উল্লেখযোগ্য যে, পুৰণিগুদামত স্বৰ্গীয় শিল্পী লেশধৰ শৰ্মাৰ উদ্যোগত ১৮৮৫ চনৰে পৰা দুৰ্গোৎসৱ অনুষ্ঠিত হৈছিল যদিও প্ৰথম অৱস্থাত মাটিৰ প্ৰতিমাৰেই এই দুৰ্গোৎসৱ অনুষ্ঠিত কৰা হৈছিল। কিন্তু দেৱী দুৰ্গাৰ পৰম ভক্ত লেশধৰ শৰ্মাই বিজয়া দশমীত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ বেদনা সহ্য কৰিব পৰা নাছিল। সেয়ে ১৯০১ চনত তেওঁ দেৱী দুৰ্গাৰ কাঠৰ স্থায়ী প্ৰতিমা সাজি উলিয়াইছিল আৰু তেতিয়াৰে পৰা কাঠৰ প্ৰতিমাৰেই এই পূজাভাগ অনুস্থিত হৈ আহিছে।
প্ৰবাদ আছে যে, প্ৰতিমা নিৰ্মাণৰ বাবে কাঠৰ অভাৱ হওঁতে মা দুৰ্গাই লেশধৰ শৰ্মাক সপোনত দেখা দি কলং নৈত কাঠ উটি আহিব বুলি আশীৰ্বাদ দিছিল। সেই অনুসৰিয়ে লেশধৰ শৰ্মাই কলং নৈত পিছদিনা উটি অহা কাঠটুকুৰা বিচাৰি পাইছিল আৰু সেই কাঠেৰেই প্ৰতিমা নিৰ্মাণৰ কাৰ্য সম্পূৰ্ণ কৰিছিল। তেতিয়াৰে পৰা অতি জাগ্ৰত হিচাপে খ্যাত হৈ পৰে এইভাগ পূজা। প্ৰতিবাৰেই দুৰ্গা পূজাত পুৰণিগুদামৰ দেৱী দুৰ্গাৰ প্ৰতিমা দৰ্শন কৰিবলৈ অসমৰ ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম ঘটে। এইবাৰো ১১অক্টোবৰৰ পৰা পুনৰ কাঠৰ প্ৰতিমাৰে দুৰ্গোৎসৱৰ আয়োজন কৰা খবৰে উৎসাহিত কৰি তুলিছে ভক্তপ্ৰাণ ৰাইজক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|