ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে জুৰীয়াত ড্ৰাগছ আসক্ত যুৱকে সংঘটিত কৰিছে এক উদ্বেগজনক ঘটনা ৷
ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে জুৰীয়াত ড্ৰাগছ আসক্ত যুৱকে সংঘটিত কৰিছে এক উদ্বেগজনক ঘটনা ৷
ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে জুৰীয়াত ড্ৰাগছ আসক্ত যুৱকে সংঘটিত কৰিছে এক উদ্বেগজনক ঘটনা ৷ ঘটনাটো সংঘটিত কৰিছে জুৰীয়াৰ পূব মুকুন্দআটি গাৱঁৰ ৰুফুল আমিন নামৰ ড্ৰাগছ আসক্ত এজন যুৱকে ৷
জুৰীয়া আৰক্ষীয়ে অব্যাহত ৰখা ড্ৰাগছ বিৰোধী অভিযানৰ বাবেই ড্ৰাগছৰ যোগান কমি যোৱাত ড্ৰাগছ আসক্ত যুৱকজনে ড্ৰাগছ সেৱন কৰিবলৈ নাপাই পানীৰ লগত ইউৰিয়া সাৰ মিহলি কৰি খোৱাৰ লগতে বহুকেইটা নাৰ্ভৰ টেবলেট একেলগে সেৱন কৰে।
ড্ৰাগছ সেৱন কৰিব নোৱাৰি এক প্ৰকাৰ মানসিক বিকাৰগ্ৰস্থ হৈ পৰা যুৱকজনে ড্ৰাগছৰ পৰিৱৰ্তে ইউৰিয়া সাৰযুক্ত পানী আৰু নাৰ্ভৰ টেবলেট খোৱাৰ পিছতেই অসুস্থ হৈ পৰে ৷ ক্ৰমাত ড্ৰাগছ আসক্ত যুৱক জনৰ অৱস্থা সংকটজনক হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ যুৱকজনক দগাঁও প্ৰথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় ৷ সম্প্ৰতি ড্ৰাগছ আসক্ত যুবকজন দগাঁও প্ৰথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে ৷ এই ঘটনাই চিন্তিত কৰি তুলিছে নগাঁৱৰ সচেতন ৰাইজক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|